দৰং, 27 ছেপ্তেম্বৰ:এগৰাকী লোকে ব্যক্তিগতভাৱে আনুমানিক 90 হাজাৰ টকা ব্যয়েৰে ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ যাতায়াত সুচলৰ অৰ্থে নিৰ্মাণ কৰিলে কৰিলে এখন বাঁহৰ দলং ৷ চৰকাৰী অনুদান অবিহনেই দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ৰূপহী কাষত এখন বাঁহৰ দলং নিৰ্মাণ কৰিলে ছিদ্দিক আহমেদ নামৰ লোক গৰাকীয়ে ৷ লোক গৰাকীৰ এনে মহানুভতাৰ বাবে এতিয়াৰে যথেষ্টখিনি সুচল হৈ পৰিব বৃহত্তৰ অঞ্চলটোৰ লোকৰ যাতায়াত ৷
গাঁঠিৰ ধন ভাঙি ৰাইজৰ বাবে দলং নিৰ্মাণ কৰিলে দৰঙৰ ছিদ্দিক আহমেদে - ৰূপহী
দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ৰূপহী কাষত নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজৰ সুবিধাৰ্থে এখন বাঁহৰ দলং নিৰ্মাণ কৰিলে ছিদ্দিক আহমেদ নামৰ এগৰাকী সচেতন লোক ৷
ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ৰূপহী কাষ