অসম

assam

ETV Bharat / state

কোৰবানীৰ বাবে বহিঃৰাজ্যৰ পৰা সৰবৰাহ উট, মঙলদৈত আটক তিনি সৰবৰাহকাৰী - মঙলদৈ

ঈদ প্ৰাকক্ষণত কোৰবানীৰ বাবে বহিঃৰাজ্যৰ পৰা সৰবৰাহ ৬ টাকৈ উট ৷ দৰং আৰক্ষীৰ জালত তিনি সৰবাৰহকাৰী ৷

কোৰবানীৰ বাবে বহিঃৰাজ্যৰ পৰা সৰবৰাহ উট, মঙলদৈত আটক তিনি সৰবৰাহকাৰী

By

Published : Aug 11, 2019, 4:51 PM IST

মঙলদৈ, 11 আগষ্টঃ অসমত সমাগত ঈদ উপলক্ষে কোৰবানী দিবলৈ বহিঃৰাজ্যৰ পৰা উট সৰবৰাহ ৷ দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নেতৃত্বত ধূলা থানাই টাংনি পশু বজাৰৰ পৰা পাঁচটা উট সহ গেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনি সৰবৰাহকাৰীক । উট বন্যপানী সুৰক্ষা আইন ১৯৭২ ধাৰাৰ অধীনত জব্দ কৰা হয় এই উট সমূহ । আটকাধীন লোক কেইজন হৈছে ভকতপাৰাৰ চাইদুৰ ৰহমান, তফিজুল হক আৰু চাতত আলী ৷

কোৰবানীৰ বাবে বহিঃৰাজ্যৰ পৰা সৰবৰাহ উট, মঙলদৈত আটক তিনি সৰবৰাহকাৰী

এই সন্দৰ্ভত ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতিয়ে জনোৱা মতে এটা উটৰ বিক্ৰী মূল্য হৈছে প্ৰায় ৫৫ ৰ পৰা ৬০ হাজাৰ টকা পৰ্যন্ত । ইতিমধ্যে উট কেইটা ধূলা আৰক্ষী থানাত ৰখা হৈছে । সাধাৰণতে মঙলদৈ বিভিন্ন ঠাইত ঈদৰ দিনা উট কোৰবানি কৰা হয় যদিও উক্ত বিক্ৰী কৰিবলৈ অনা উট সমূহ হাৰিয়ানাৰ পৰা অনা বুলি দাবী কৰা হৈছে ৷ জানিব পৰা মতে উট সমূহ চালনিকুচি গাঁওৰ চনতুলা শ্বেখৰ । আনহাতে মঙলদৈ আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া নিৰঞ্জণ বৰুৱাই মঙলদৈ তেলিপাৰাৰ পৰাও এটা উট জব্দ কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

...view details