অসম

assam

ETV Bharat / state

Firing at Chirang : চিৰাঙত বনবিভাগৰ গুলীচালনাত আহত খৰিকটীয়া - চিৰাঙত বনবিভাগৰ গুলীচালনাত আহত খৰিকটীয়া

চিৰাঙৰ ঢোলপানী বনাঞ্চলত বন বিভাগ আৰু খৰিকটীয়াৰ মাজত গুলীয়াগুলী (Firing at Chirang) ৷ এই গুলীচালনাত আহত এজন খৰিকটীয়া (Woodcutter injured in firing by Forest department) ৷

chirang-forest-department-shot-woodcutter-at-chirang
এইবাৰ বনবিভাগৰ গুলীত গুলীবিদ্ধ হ'ল এজন খৰিকটীয়া

By

Published : Dec 27, 2021, 12:44 PM IST

Updated : Dec 27, 2021, 4:56 PM IST

চিৰাং, 27 ডিচেম্বৰ : ৰাজ্যৰ প্ৰায়ভাগ বনাঞ্চলতে চোৰাং চিকাৰীৰ কাৰ্যকলাপ অব্যাহত আছে । বন্যপ্ৰাণীসমূহ হত্যা কৰাৰ লগতে চোৰাং কাঠৰ ব্যৱসায় কৰি আহিছে চোৰাং চিকাৰীসকলে । যাৰ বাবে প্ৰায়ে বনাঞ্চলসমূহত বন বিভাগে বিভিন্ন ধৰণৰ চোৰাং চিকাৰী বিৰোধী অভিযান চলোৱা দেখা গৈছে ৷

দেওবাৰে বিয়লি ভাগৰ পৰা চিৰাং সংৰক্ষিত ভূটান সীমান্তৰ ঢোলপানী বনাঞ্চলত একাংশ খৰিকটীয়াৰ বিৰুদ্ধে বন বিভাগে অভিযান আৰম্ভ কৰে ৷ সোমবাৰে পুৱা বনাঞ্চলখনত থকা খৰিকটীয়া আৰু বনকৰ্মীসকলৰ মাজত গুলীয়াগুলী সংঘটিত হয় (Firing at Chirang) ৷

চিৰাঙত বনবিভাগৰ গুলীচালনাত আহত খৰিকটীয়া

তথ্য অনুসৰি, বনাঞ্চলখনত থকা খৰিকটীয়াসকলক বনকৰ্মীসকলে খেদি যোৱাৰ লগে লগে খৰিকটীয়াৰ দলটোৱে গুলীচালনা আৰম্ভ কৰে । প্ৰত্যুত্তৰত বন বিভাগেও খৰিকটীয়াসকলক লক্ষ্য কৰি গুলী চলায় । যাৰ ফলত লামা চৰণ নাৰ্জাৰী নামৰ খৰিকটীয়াজন বন বিভাগৰ গুলীত আহত হয় (Woodcutter injured in firing by Forest department ) ৷

আহত খৰিকটীয়াজনক প্ৰাথমিক চিকিৎসাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ অনা হয় ৷ খৰিকটীয়াজনৰ বাহুত গুলীয়ে আঘাত কৰি বুকু ভেদি ওলাই যোৱাত অৱস্থা যথেষ্ঠ সংকটজনক হৈ পৰে ৷ পৰৱৰ্তী সময়ত খৰিকটীয়াজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি বন বিভাগে চিৰাং সংৰক্ষিত বনাঞ্চলত ব্যাপক হাৰত হোৱা বন ধ্বংস ৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখি খৰিকটীয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক :বনভোজেই হ'ল কাল, মহানগৰীৰ দুই কিশোৰৰ পানীত পৰি মৃত্যু

Last Updated : Dec 27, 2021, 4:56 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details