অসম

assam

ETV Bharat / state

প্ৰস্ৰাৱগাৰলৈ পৰিণত খোৱা পানী যোগান কেন্দ্ৰ - TOILET

চিৰাং জিলাৰ বিজনী মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰটো এতিয়া পৰিণত হৈছে প্ৰস্ৰাৱগাৰলৈ ৷ এই বৃহৎ অঞ্চলটোত বিশুদ্ধ খোৱা পানী যোগানৰ কোনো সুবিধা নথকাত এতিয়া বিপাঙত পৰিছে ৰাইজ

WATER SUPPLY CENTRE AT CHIRANG

By

Published : Apr 5, 2019, 4:14 PM IST

চিৰাং, 5 এপ্ৰিলঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পচলাগুৰি গাঁওস্থিত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰটো যোৱা আঠ-দহ বছৰৰ পূৰ্বে চৰকাৰৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছিল যদিও আজিকোপতি এটোপাল পানীও নাপালে অঞ্চলবাসীয়ে । বৰঞ্চ বিশুদ্ধ খোৱাপানী যোগান কেন্দ্ৰটো জংঘলেৰে আৱৰি ধৰাৰ ফলত বিভিন্ন লোকে প্ৰস্ৰাৱ- পায়খানা কৰিবলৈহে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । এই বৃহৎ অঞ্চলটোত বিশুদ্ধ খোৱা পানী যোগানৰ কোনো সুবিধা নথকাত এতিয়া বিপাঙত পৰিছে ৰাইজ ।

WATER SUPPLY CENTRE AT CHIRANG

চৰকাৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে এই অঞ্চলত বহুসংখ্যক কেন্দ্ৰ তৈয়াৰ কৰিছে যদিও আটাইবোৰ মাথো কাগজতে সীমিত হৈ আছে । চিৰাঙত এতিয়া শতাধিক এনে পৰিত্যক্ত খোৱা পানী যোগান আঁচনিৰ কেন্দ্ৰ আছে । চৰকাৰে কোটি টকা ব্যয় কৰি এনে কেন্দ্ৰসমূহ নিৰ্মাণ কৰিছে যদিও সেই সমূহ কাৰ্যকৰী কৰিব পৰা নাই ৷

ABOUT THE AUTHOR

...view details