অসম

assam

By

Published : Sep 3, 2020, 2:17 PM IST

ETV Bharat / state

এগৰাকী অস্তিত্বহীন ব্যক্তি পৃথ্বীৰাজ নাৰায়ণ দেৱ: ৰঞ্জিত বসুমতাৰী

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ওৰফে বিআৰ ফেৰেংগা ৷ বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে ইউপিপিএলৰ পৰা প্ৰতিদন্দ্বিতা আগবঢ়োৱা এইগৰাকী নেতাই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ ৷

UPPL Reaction in chirang assam etv bharat news
বিটিচি নিৰ্বাচন

চিৰাং,3 চেপ্তেম্বৰ:এগৰাকী অস্তিত্বহীন ব্যক্তি পৃথ্বীৰাজ নাৰায়ণ দেৱ ৷ দেৱে কি কাম কৰি আছে সেয়া সকলোৱে জানে ৷ বৃহস্পতিবাৰে চিৰাঙত এই মন্তব্য প্ৰকাশ কৰে ইউপিপিএলৰ ১৪নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে ৷

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰঞ্জিত বসুমতাৰী

বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে ইউপিপিএলৰ পৰা প্ৰতিদন্দ্বিতা আগবঢ়োৱা এইগৰাকী নেতাই বিগত 9 দিন পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে 15 কোটি টকাৰ উৎকোচ দিব বিচৰা বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ লগতে বিটিআৰ চুক্তি সম্পৰ্কতো বসুমতাৰীয়ে মন্তব্য প্ৰকাশ কৰে ৷ তদুপৰি পৃথ্বীৰাজ নাৰায়ণ দেৱে ব্যৱহাৰ কৰা ব্যক্তিগত বাহনখন বিপিএফে প্ৰদান কৰা বুলি নিৰ্বাচনী প্ৰাৰ্থীগৰাকীয়ে প্ৰকাশ কৰাৰ উপৰিও ইয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য মজুত থকাৰ কথা উল্লেখ কৰে ৷ ৰঞ্জিত বসুমতাৰীয়ে 14 নং সমষ্টিৰ অন্তৰ্গত খুংগ্ৰীং বাতাবাৰী অঞ্চলত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকি এইদৰে কিছু মন্তব্য প্ৰকাশ কৰে ৷

লগতে চাওকঃনিৰ্বাচনী আয়োগৰ নিৰ্দেশ অমান্য কৰি কলাইগাঁৱত বিপিএফৰ নিৰ্বাচনী সভা

ABOUT THE AUTHOR

...view details