অসম

assam

ETV Bharat / state

চিৰাং আৰক্ষীৰ জালত ULB ৰ কমাণ্ডাৰ - আটক ULB ৰ জিলা কমাণ্ডাৰ

নৱগঠিত সংগঠন ইউএলবি(ULB)ৰ জিলা কমাণ্ডাৰক আটক ৷ বৃহস্পতিবাৰে চিৰাং আৰক্ষীৰ অভিযানত আটক হৈছে ইউএলবিৰ জিলা কমাণ্ডাৰজন ৷ আটকাধীন কমাণ্ডাৰজনৰ নাম বি ৰৈৰুব ।

ULB dist commander arrest
চিৰাং আৰক্ষীৰ জালত ULB ৰ জিলা কমাণ্ডাৰ

By

Published : Sep 25, 2021, 11:14 AM IST

চিৰাং, 25 ছেপ্তেম্বৰ :চিৰাং আৰক্ষীৰ বৃহৎ সফলতা ৷ চিৰাং আৰক্ষীৰ এক অভিযানত আমগুৰীত আৰক্ষীৰ জালত পৰে ইউএলবি(ULB)ৰ চিৰাং জিলা কমাণ্ডাৰ । জানিব পৰা মতে, আটকাধীন ইউএলবিৰ জিলা কমাণ্ডাৰৰ নাম ৰিংখাং মুছাহাৰী (২৪) ওৰফে বি ৰৈৰুব ।

শুকুৰবাৰে জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই উল্লেখ কৰা অনুসৰি, বিগত দুটা দিন ধৰি এই সংক্ৰান্তত কাজলগাঁৱত জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে বিগত দুদিন ধৰি অসম আৰক্ষীয়ে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰী থানাৰ অন্তৰ্গত দৈছুমগুৰী গাঁৱত চলাই আছিল এক অভিযান ৷ এই অভিযান কালতেই অৰ্থাৎ বৃহস্পতিবাৰে নৱগঠিত উগ্ৰপন্থী সংগঠন ইউএলবিৰ জিলা কমাণ্ডাৰ জনক আটক কৰিবলৈ সক্ষম হয় চিৰাং আৰক্ষীয়ে ।

আটক ULB ৰ কমাণ্ডাৰ

অৱশ্যে আটকাধীন বি ৰৈৰুব(ৰিংখাং মুছাহাৰী)ৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও দুটা ম’বাইল আৰু আপত্তিজনক কিছু সামগ্ৰীসহ সেনাৰ পোচাক জব্দ কৰিবলৈ সক্ষম হয় ।

চলিত মাহৰ ১৬ তাৰিখে আত্মপ্ৰকাশ কৰা ইউএলবি সংগঠনৰ পৰা এটা ভিডিঅ’ প্ৰকাশ কৰা হৈছিল ৷ উক্ত ভিডিঅ’ত ৰিংখাং মুছাহাৰী উপস্থিত আছিল বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে, বৰ্তমানলৈ চিৰাঙত দুজন ইউএলবি সদস্য থকাৰ তথ্য পোৱা হৈছে ৷ তাৰে এজনক আটক কৰা হৈছে যদিও আনজন ইউএলবি সদস্য পলাই যাবলৈ সক্ষম হয় ।

চিৰাং আৰক্ষীৰ জালত ULB ৰ জিলা কমাণ্ডাৰ

আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰা অনুসৰি, এই দুয়োজন ইউএলবি সদস্যই চিৰাঙত সদস্য ভৰ্তি কৰাৰ লগতে ধনদাবী কৰি আহিছিল । উল্লেখ যে, আটকাধীন ইউএলবিৰ জিলা কমাণ্ডাৰ গৰাকী পূৰ্বতে এনডিএফবি (এচ) ৰ সদস্য আছিল ৷ আনকি ২০১৫ চনত আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল ইউএলবিৰ জিলা কমাণ্ডাৰ গৰাকী ।

শেষতীয়াকৈ সংগঠনটোৱে আত্মপ্ৰকাশ কৰাৰ পিচতে আমগুৰি থানাত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰ ভিত্তিতেই শুকুৰবাৰে আটক কৰা হয় ইউএলবিৰ জিলা কমাণ্ডাৰজনক । প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান আটকাধীন জিলা কমাণ্ডৰজনক অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:উচ্ছেদ হ’বই, কংগ্ৰেছে কাপোৰ ফালিলে মই ভয় কৰা বিধৰ নহয় : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details