অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - Scam in students scholarship

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Dec 24, 2022, 6:59 PM IST

DGP on Crime Rate: মহানগৰীত অপৰাধ ৰোধত ব্যৰ্থতা স্বীকাৰ কৰিলে খোদ ডিজিপিয়ে

গুৱাহাটী মহানগৰীত অস্বাভাৱিক ভাৱে বৃদ্ধি পোৱা এই অপৰাধজনিত ঘটনাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে খোদ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(DGP Bhaskarjyoti Mahanta) ৷ পৰিস্থিতি ভাল হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘‘বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা কিছু অপৰাধী গুৱাহাটীলৈ আহি অপৰাধ সংঘটিত কৰি পুনৰ ঘূৰি যায় ৷’’

ST certificate controversy: জনজাতিৰ প্ৰমাণপত্ৰৰ পুনৰীক্ষণ হ’ব সাংসদ শৰণীয়াৰ

লোকসভা নিৰ্বাচনত নৱ শৰণীয়াই দাখিল কৰা শপতনামাত নিজকে বড়ো-কছাৰী অনুসূচীত জনজাতি বুলি প্ৰমাণপত্ৰ দাখিল কৰি আহিছে (MP Naba Sarania) ৷ ২০১৯ চনৰ জুনত সাংসদ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰখন ভুৱা বুলি অভিযোগ উত্থাপন কৰি এগৰাকী প্ৰাক্তন কৰ বিষয়াই ৰাজ্যিক পৰ্যায়ৰ পুনৰীক্ষণ কমিটীক অভিযোগ দাখিল কৰিছিল ৷

Scam in students scholarship: বৰপেটাত মহাবিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ দুই

ৰাজ্যত ছাত্ৰৰ স্ক'লাৰশ্বিপৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে (Scam in students scholarship)। জালিয়াতিৰে ঈশান উদয় আঁচনিৰ ধন লুণ্ঠন কৰা হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জাকিৰ হুছেইনসহ দুজনক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Swaminarayan Gurukul Amrit Mahotsav : উত্তৰ পূবৰ যুৱ প্ৰতিভাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰতিভাৰ বিশেষ উল্লেখ । অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গুৰুকুলৰ ১৫ গৰাকী শিশু উত্তৰ-পূৰ্বাঞ্চললৈ গৈছে আৰু তাত থকা লোকসকলক লগ কৰি অঞ্চলটোৰ বিষয়ে জ্ঞান অৰ্জন কৰিছে ।

CM in Tingkhnong: ডিব্ৰুগড়ত কেইবাটাও বৃহৎ প্ৰকল্প ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে সামৰিলে ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচী

ডিব্ৰুগড়ৰ টিংখাঙত ‘বিকাশৰ বাবে এটা পষেক’ৰ প্ৰথম পৰ্যায়ৰ অন্তিমটো কাৰ্যসূচীৰ সামৰণি পৰে ৷ এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বহুকেইটা উন্নয়নমূলক আঁচনি উদ্বোধনৰ লগতে শিলান্যাস কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ প্ৰায় 973.38 কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় জিলাত সম্পূৰ্ণ হৈ উঠিব বহুকেইটা প্ৰকল্প ৷

Kejriwal in Vipassana meditation: ধ্যানত বহিব কেজৰিৱাল, ছিছোডিয়াই চলাব চৰকাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১ জানুৱাৰীৰ পূৰ্বে আৰু কোনেও দেখা নাপাব । সেয়ে চৰকাৰৰ শাসনভাৰ চম্ভালিব উপ মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই । অৰবিন্দ কেজৰিৱালে শনিবাৰৰ পৰা এসপ্তাহৰ বাবে বিপাসনা ধ্য়ানলৈ গৈছে । অৱশ্যে তেওঁ এই সাধনাৰ বাবে ক'লৈ গৈছে সেয়া কোনেও নাজানে (Kejriwal went for Vipassana meditation) ।

Bangladeshi citizen arrested: তেজপুৰ লংকে চাপৰিত বাংলাদেশী নাগৰিক আটক

সন্দেহযুক্ত বাংলাদেশীটোৰ পৰা উদ্ধাৰ বাংলাদেশৰ ৯,৬৩০ টাকা ৷ ধৃত বাংলাদেশীটোৱে নাৱেৰে আহি ব্ৰহ্মপুত্ৰৰ চাপৰিত থিতাপি লোৱাৰ সন্দেহ(Bangladeshi nationals arrested at Tezpur) ৷

Passengers upset for pilots arrived late: পাইলট আৱদ্ধ ট্ৰেফিকত, বিমানবন্দৰত অপেক্ষা যাত্ৰীৰ

বিমান উৰাৰ নিৰ্ধাৰিত সময় আছিল দুপৰীয়া ১২ বজাত ৷ নিৰ্ধাৰিত সময় উকলি গ’ল ৷ কিন্তু কোনো উমঘাম নাই বিমান উৰাৰ ৷ যাত্ৰীৰ মাজত চৰম উৎকন্ঠা... কেতিয়া উৰিব বিমান ৷ ঘোষণা কৰা হ’ল- বিমান উৰাত পলম হ’ব ৷ কাৰণ পাইলট আহি পোৱা নাই... ট্ৰেফিক জামত আৱদ্ধ হৈ আছে পাইলট ৷

Nalbari fire : ভষ্মীভূত হ'ল সপোনৰ ফচল

নলবাৰীত বিধ্বংসী অগ্নিকাণ্ড (Nalbari fire incident) । জুইত সম্পূৰ্ণৰূপে জাহ গ'ল এটা ভড়াল ঘৰ আৰু বৃহৎ পৰিমাণৰ ধান । নলবাৰীৰ শিমলীয়াত সংঘটিত হৈছে এই অগ্নিকাণ্ড । শিমলীয়াৰ কৃষক দৰ্বেজ আলীৰ ঘৰত সংঘটিত হৈছে অগ্নিকাণ্ডটো । মৰণা মৰাৰ পাছতে ঘৰৰ চোতালতে থোৱা আছিল ধান আৰু খেৰ । কিন্তু হঠাৎ ধানৰ দমত জুইৰ সূত্ৰপাত হয় ।

Protest in Barpeta School : চেঙা আদৰ্শ বিদ্যালয়ত অভিভাৱকৰ উত্তাল প্ৰতিবাদ

বৰপেটা জিলাৰ চেঙা আদৰ্শ বিদ্যালয়ত শনিবাৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে (protest at chenga model school) । আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰোপ কৰা মাহিলি মাচুল বাতিল কৰা আৰু চেঙা আদৰ্শ বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবী আৰু বিদ্যালয়ত নিয়মিত শিক্ষা দান কৰাক লৈ অভিভাৱকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (guardian protest in Barpeta school) ।

ABOUT THE AUTHOR

...view details