Lalu Prasad Yadav health update : উন্নত চিকিৎসাৰ বাবে লালুপ্ৰসাদ যাদৱক প্ৰেৰণ কৰা হ’ব দিল্লীলৈ
আৰ জে ডি দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি (Lalu Prasad Yadav health update) । উন্নত চিকিৎসাৰ বাবে যাদৱক ৰাঁচীৰ পৰা দিল্লীলৈ নিয়াৰ প্ৰস্তুতি অব্যাহত (Lalu Yadav will be sent to Delhi for better treatment) ৷ এই সন্দৰ্ভত RIMS ৰ চিকিৎসা পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হ'ব ।
খেৰণিত নাবালিকা ধৰ্ষণকাৰীক এনকাউন্টাৰ
পশ্চিম কাৰ্বি আংলঙত এনকাউন্টাৰত আহত ধৰ্ষণৰ অভিযুক্ত (Rape accused injured in encounter)৷ দুটিকৈ শিশুক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৰিন্দ্ৰ ৰামক গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীবিদ্ধ হয় অভিযুক্তটো ৷
লক্ষাধিক টকাৰ গাঞ্জাসহ ত্ৰিপুৰা আৰক্ষীৰ জালত এজন
ত্ৰিপুৰাত আৰক্ষীয়ে জব্দ কৰিছে লক্ষাধিক টকাৰ গাঞ্জা (Huge cache of cannabis seized in Tripura) ৷ আগৰতলাৰ পৰা অসমলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি ৷
অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহীৰ আগমন
অসম ৰাজ্যিক চিৰিয়াখানাৰ দৰ্শনাৰ্থীসকলৰ বাবে সুখবৰ । চেক গণৰাজ্যৰ পৰা চিৰিয়াখানালৈ অনা হৈছে দুটাকৈ হোৱাইট উইং উড দাক (White Winged Wood Duck brought from Czech Republic )। বিশেষ প্ৰজাতিৰ দেওহাঁহ দুটা দেওবাৰে চিৰিয়াখানালৈ অনা হয় । ৪৫ দিনলৈ আচুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে দেওহাঁহ দুটা ।
পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত যুৱকৰ সজাগতামূলক যাত্ৰা
১৯২৪ চনতে বৃটিছে সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা দিয়া পবা অসমৰ অন্যতম পুৰণি সংৰক্ষিত বনাঞ্চল (Poba Reserve Forest) ৷ বহু সমল, সভ্যতা নিজৰ বুকুত বহন কৰা পবা আজি সংকটৰ গৰাহত ৷ যাক সুৰক্ষা দিয়াৰ স্বাৰ্থত সজাগতামূলক যাত্ৰা বাহিৰ কৰে জোনাইৰ এদল যুৱকে ৷