অসম

assam

ETV Bharat / state

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 1, আহত 2

চিৰাঙৰ ছাপাগুৰীত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভুলৰ ফলতে এই দৰে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। ছাপাগুৰীত প্ৰায় ছমাহৰ পৰা ট্ৰেফিক ছিগনেল পইন্ট বেয়া হৈ থকাৰ লগতে নিশা কোনো ধৰনৰ পোহৰৰ ব‍্যৱস্থাও কৰা নাই । টোলগেট স্থাপন কৰি টকা সংগ্ৰহ ঠিকেই কৰিছে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

By

Published : Aug 8, 2020, 2:26 PM IST

road accident in chirang
চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 1, আহত 2

চিৰাং, 8 আগষ্ট: চিৰাঙৰ চাপাগুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱা সংঘটিত হৈছে দুৰ্ঘটনা । চিৰাঙৰ নাঙল ভাঙাৰ বাসিন্দা মোমিন আলীয়ে(৪৫) তেওঁৰ পত্নি হেলেনা পাৰবিন(৩৫) আৰু জীয়ৰী মাৰজীয়া পাৰবিন(৫)ক লগত লৈ বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত শহুৰেকৰ ঘৰৰ পৰা ঈদৰ নিমন্ত্ৰণ খাই চিৰাঙৰ নাঙলভাঙাস্থিত নিজৰ ঘৰলৈ আহি আছিল ।AS19-H-8852 নম্বৰৰ এচিভাৰ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত ছাপাগুৰীত একে দিশৰ পৰা গৈ থকা NL02-Q-4073 নম্বৰৰ তেলৰ টেংকাৰে খুন্দিওৱাৰ ফলত মটৰচাইকেল চলাই থকা মোমিন আলী আৰু তেওঁৰ পাঁচ বছৰীয়া জীয়েক মাৰ্জীয়া খাতুন বাগৰি পৰি আহত হয় আনহাতে পত্নী হেলেনা পাৰবিনৰ মূৰৰ ওপৰেৰে টেংকাৰৰ চকা উঠি যোৱাত থিতাতে নিহত হয় মহিলাগৰাকী । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আহত পিতৃ-কন্যাক আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰিছে তথা নিহত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 1, আহত 2
উল্লেখ যে,চিৰাঙৰ ছাপাগুৰীত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভুলৰ ফলতে এই দৰে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। ছাপাগুৰীত প্ৰায় ছমাহৰ পৰা ট্ৰেফিক ছিগনেল পইন্ট বেয়া হৈ থকাৰ লগতে নিশা কোনো ধৰণৰ পোহৰৰ ব‍্যৱস্থাও কৰা নাই । টোলগেট স্থাপন কৰি টকা সংগ্ৰহ ঠিকেই কৰিছে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । যাৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাৰ সংখ‍্যা বৃদ্ধি পাইছে । লগতে পঢ়ক:হাইলাকান্দিত হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান যুৱকে

ABOUT THE AUTHOR

...view details