অসম

assam

ETV Bharat / state

নিৰ্মাণ নহ'ল বাসুগাঁৱৰ চিৰাং-কোকৰাঝাৰ সংযোগী দলং - শিক্ষাৰ্থী

কচুদোলাস্থিত চিৰাং-কোকৰাঝাৰ সংযোগী চম্পাৱতী নৈৰ ওপৰৰ থকা বাঁহৰ দলংখন আজিও পকীকৰণ নহ'ল ৷ এবছৰ-দুবছৰ নহয়, প্ৰতিখন চৰকাৰৰ দিনতে দুখনকৈ জিলা সংযোগী বাসুগাঁৱৰ কচুদোলাৰ দলংখন নিৰ্মাণৰ বাবে স্থানীয় লোকে দাবী কৰি আহিছিল যদিও আজিকোপতি নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷

poor condition of  Chirang-Kokrajhar bridge in Kasudola
নিৰ্মাণ নহ'ল বাসুগাঁওৰ কচুদোলাস্থিত চিৰাং-কোকৰাঝাৰ সংযোগী দলং

By

Published : Jun 26, 2021, 8:17 PM IST

চিৰাং, 26 জুন : চিৰাঙৰ বাসুগাঁৱৰ কচুদোলাস্থিত চিৰাং-কোকৰাঝাৰ সংযোগী চম্পাৱতী নৈৰ ওপৰত থকা বাঁহৰ দলংখন আজিও পকীকৰণ নহ'ল ৷ বিপদ সংকুলভাৱে বছৰ বছৰ ধৰি এখন বাঁহৰ দলঙেৰে যাতায়াত কৰি আহিছে শতাধিক ৰাইজে ৷ মন কৰিবলগীয়া যে, এই দলংখনে চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বহুকেইটা অঞ্চলৰ মাজত সংযোগ স্থাপন কৰিছে ৷

এবছৰ-দুবছৰ নহয়, প্ৰতিখন চৰকাৰৰ দিনতে দুখনকৈ জিলা সংযোগী বাসুগাঁৱৰ কচুদোলাৰ দলংখন নিৰ্মাণৰ বাবে স্থানীয় লোকে দাবী কৰি আহিছিল ৷ কিন্তু আজিকোপতি নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷ স্থানীয় বিধায়কে দলংখন নিৰ্মাণৰ বাবে প্ৰতিবছৰে প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ সেই প্ৰতিশ্ৰুতি কাৰ্যকৰীহে নহয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

নিৰ্মাণ নহ'ল বাসুগাঁৱৰ চিৰাং-কোকৰাঝাৰ সংযোগী দলং

সমান্তৰালভাৱে বিভাগীয় কৰ্তৃপক্ষই বহুবাৰ দলং নিৰ্মাণ কৰিবৰ বাবে স্থান পৰিদৰ্শন কৰিছে যদিও দলং নিৰ্মাণৰ ব্যৱস্থা কৰা নাই ৷ প্ৰতিবছৰে ৰাইজে গাঁঠিৰ ধন খৰচ কৰি দলং নিৰ্মাণেৰে যাতায়াতৰ ব্যৱস্থা কৰি লয় ৷ কিন্তু এই দলঙেৰে পাৰ হ'বলৈ হ'লে পথচাৰীয়ে ভাড়া ভৰিবলগীয়া হয় ৷

প্ৰতিবছৰে চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়ে ৷ ফলস্বৰূপে দলংখন পুনৰ নিৰ্মাণৰ স্বাৰ্থত ভাড়া লোৱা হয় বুলি সদৰী কৰিছে স্থানীয় লোকে ৷ বাৰিষা নৈৰ বাঢ়নী পানীয়ে দলং উটুৱাই নিয়াৰ ফলত নৌকাই যাতায়াতৰ একমাত্ৰ ভৰসা হৈ পৰে দুয়োখন জিলাৰ পথচাৰীসকলৰ বাবে ৷

লগতে বাৰিষা কালত অঞ্চল কেইটাৰ শিক্ষাৰ্থীসকলেও যমৰ যাতনা ভোগ কৰিবলগীয়া হয় ৷ দলংখনৰ দুৰৱস্থা তথা যাতায়াতৰ সু-ব্যৱস্থা নথকাৰ বাবে সময়মতে বিদ্যালয়-মহাবিদ্যালয়ত গৈ নাপায় শিক্ষাৰ্থীসকল ৷ এই পৰিপ্ৰেক্ষিততে কচুদোলাস্থিত চিৰাং-কোকৰাঝাৰ সংযোগী চম্পাৱতী নৈৰ ওপৰৰ থকা বাঁহৰ দলংখন নিৰ্মাণৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ প্ৰশাসনৰ ওচৰত পুনৰ দাবী জনাইছে স্থানীয় লোকে ৷ এই দলংখন নিৰ্মাণ কৰিলে চিৰাং-কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কেইবাটাও অঞ্চলৰ লোক যাতায়াতৰ ক্ষেত্ৰত বহু পৰিমাণে লাভাম্বিত হ'ব ৷

লগতে পঢ়ক: অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্তী সভাপতি ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details