অসম

assam

ETV Bharat / state

চিৰাং আৰক্ষীৰ অভিযানত জব্দ তেলভৰ্তি টেংকাৰ - টেংকাৰ

তেল চোৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সফল অভিযান ৷ অভিযানত জব্দ এখন তেলভৰ্তি টেংকাৰৰ লগতে দুখন দুচকীয়া বাহন ৷

চিৰাং আৰক্ষীৰ অভিযানত জব্দ তেলভৰ্তি টেংকাৰ
চিৰাং আৰক্ষীৰ অভিযানত জব্দ তেলভৰ্তি টেংকাৰ

By

Published : Nov 1, 2020, 10:08 PM IST

চিৰাং, 1 নৱেম্বৰ: চিৰাঙত তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত বঙাইগাঁও শোধনাগাৰৰ পৰা ওলোৱা তেল ভৰ্তি NL-01 Q-4156 নম্বৰৰ এখন টেংকাৰ জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ বঙাইগাঁও শোধনাগাৰৰ পৰা ওলাই বৈখুনগাঁৱত ৰখাই তেল চুৰি কৰি থকা অৱস্থাত দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত আৰক্ষীয়ে টেংকাৰ খন জব্দ কৰিবলৈ সক্ষম হয় যদিও, আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে অভিযুক্তই ৷

তেলৰ টেংকাৰ খনৰ লগতে এখন বাইক আৰু স্কুটীও জব্দ কৰে আৰক্ষীয়ে

আৰক্ষীয়ে তেলৰ টেংকাৰ খন জব্দ কৰি ঢালিগাঁও থানালৈ নিয়ে ৷ উল্লেখ্য যে, তেলৰ টেংকাৰ খনৰ লগতে চোৰে ব্যৱহাৰ কৰা AS-১৯ P-৩১৯৫ নম্বৰৰ এখন পালছাৰ বাইক আৰু AS-২৬ B-৯৪৩৩ নম্বৰৰ এখন স্কুটীও জব্দ কৰে ৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে বাহন কেইখন কোন লোকৰ উল্লেখ কৰা নাই যদিও, ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১/২৮৫ আৰু ১৯৩৪ চনৰ পেট্ৰ'লিয়াম আইনৰ ৭ আৰু ২৩ নং অনুচ্ছেদ অনুসৰি, ২৯৭/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ সমগ্ৰ ঘটনা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত সদৰী কৰে, চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ৷

তেলৰ টেংকাৰ খনৰ লগতে এখন বাইক আৰু স্কুটীও জব্দ কৰে আৰক্ষীয়ে

লগতে পঢ়ক:দেশৰ ভিতৰতে প্ৰথমবাৰলৈ বেংগালুৰুত হ'ব চাইবাৰ নিয়ন্ত্ৰণ কক্ষ

ABOUT THE AUTHOR

...view details