চিৰাং,২৮ অক্টোবৰ :ভূটানৰ সুৰা কোম্পানীয়ে বিপদ কঢ়িয়াই আনিছে অসমৰ জনসাধাৰণৰ বাবে । ভূটানৰ সুৰা কোম্পানীৰ দূষিত আৰু বিষাক্ত পদাৰ্থই সমস্যাত পেলাইছে অসমবাসীক । প্ৰকৃতি লগতে অসমৰ মানুহৰ বাবেও ভয়ংকৰ বিপদ মাতিছে ভূটানে । ভূটানৰ এনে কুকৰ্মৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ ।
উল্লেখ্য যে ভূটানৰ সুৰা কোম্পানীৰ পেলনীয়া দূষিত আৰু বিষাক্ত পদাৰ্থবোৰ দীৰ্ঘদিন ধৰি নিজৰাৰে বৈ আহি চিৰাং জিলাৰ মাজেৰে যোৱা নদীসমূহত মিহলি হৈ আছে (Bhutanese liquor company toxic waste spills)। যাৰ বাবে ভয়ংকৰভাৱে প্ৰদূষিত হৈছে চিৰাঙৰ বিভিন্ন নদী উপনদীৰ পানী । জানিব পৰা মতে পেলনীয়া সামগ্ৰীবোৰ নিজৰাৰে বৈ আহি চিৰাঙৰ নিজলা আৰু আই নৈত মিহলি হয় (Bhutan dumps toxic waste in river of Assam)।
ইতিমধ্যে এই বিষাক্ত তথা দূষিত পানী সেৱনৰ ফলত সীমান্তৰ বহু জীৱ-জন্তু মৃত্যুমুখত পৰাৰ লগতে মানুহৰো ক্ষতি হৈছে । দীৰ্ঘদিনীয়া এই সমস্যা কিন্তু সমস্যা হৈয়ে আছে (Bhutan has destroyed the environment of Assam)। অৱশ্যে এইবাৰ ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে । তেওঁ নিজে পদক্ষেপ লোৱাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে ।