চিৰাং, 5 জানুৱাৰী : মঙলবাৰে চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চিলাৰায় উন্নয়ন মঞ্চ আৰু চিৰাং জিলা সমিতি আক্ৰাছুয়ে ।
বঙাইগাঁও শোধনাগাৰৰ সন্মুখত দুই সংগঠনৰ প্ৰতিবাদ - শ্ৰমিকৰ উপযুক্ত মজুৰি
বঙাইগাঁৱত প্ৰতিবাদ ৷ বঙাইগাঁও শোধনাগাৰৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷
বঙাইগাঁও শোধনাগাৰৰ সন্মুখত দুই সংগঠনৰ প্ৰতিবাদ
সংগঠন দুটাই থলুৱা লোকক নিযুক্তি দিয়াকে আদি কৰি বহি:শ্ৰমিক নিয়োগ বন্ধ কৰা, শ্ৰমিকৰ উপযুক্ত মজুৰি আদায় দিয়া, শ্ৰমিকৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা, শোধনাগাৰৰ চুবুৰীয়া অঞ্চলৰ উন্নয়ন কৰা আদিকে 18 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে শোধনাগাৰৰ পৰিচালনা কৰা মুখ্য মহা প্ৰৱন্ধকক ।
লগতে পঢ়ক :7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন