অসম

assam

নিৰ্বাচন অনুষ্ঠিত কৰাৰ লৈ চিৰাঙত যুৱ বিপিএফ আৰু বিএচইউৰ প্ৰতিবাদ

By

Published : Sep 29, 2020, 1:56 PM IST

নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ চিৰাঙত অব্যাহত আছে প্ৰতিবাদ ৷ অনতিপলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷

Massive Protest In Chirang District
নিৰ্বাচন অনুষ্ঠিত কৰাৰ লৈ চিৰাঙত যুৱ বিপিএফ আৰু বিএচইউৰ প্ৰতিবাদ

চিৰাং, 29 ছেপ্তেম্বৰ :বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত মঙলবাৰেও চিৰাঙত অব্যাহত আছে প্ৰতিবাদ ৷ যুৱ বিপিএফ আৰু বড়োলেণ্ড ছাত্ৰ সন্থা(বিএচইউ)ৰ উদ্যোগত প্ৰতিবাদী সমদল কৰি নিৰ্বাচনৰ দাবীত প্ৰতিবাদকাৰীয়ে প্ৰদান কৰিলে স্মাৰকপত্ৰ ৷

নিৰ্বাচন অনুষ্ঠিত কৰাৰ লৈ চিৰাঙত যুৱ বিপিএফ আৰু বিএচইউৰ প্ৰতিবাদ

চিৰাং জিলা বিপিএফৰ কাৰ্য‍ালয়ৰ পৰা জিলা যুৱ বিপিএফ আৰু জিলা সমিতি বড়োলেণ্ড ছাত্ৰ সন্থা(বিএচ ইউ) ৰ দুই শতাধিক কৰ্মকৰ্তাই বিটিচিত অতিশীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ‍্যপালৰ শাসনৰ সময়সীমা বৃদ্ধি নকৰাৰ দাবীত সমদল কৰি জিলা উপায়ুক্তৰ গৌতম তালুকদাৰৰ জৰিয়তে মুখ‍্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগক স্মাৰকপত্ৰ প্ৰদান কৰে ।

নিৰ্বাচন অনুষ্ঠিত কৰাৰ লৈ চিৰাঙত যুৱ বিপিএফ আৰু বিএচইউৰ প্ৰতিবাদ

উল্লেখ্য যে, চিৰাং জিলা সমিতি বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি অশোক ব্ৰহ্ম,জিলা যুৱ বিপিএফৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি নাথ সহ প্ৰায় দুই শতাধিক কৰ্মকৰ্তাই সমদল কৰি বিটিচিত অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰক, ৰাজ‍্যপালৰ শাসন আমাক নালাগে, বিহাৰত নিৰ্বাচন হলে বিটিচিত কিয় নহ'ব ইত‍্যাদি শ্ল'গানেৰে উত্তাল কৰি তোলে কাজলগাঁৱৰ পৰিৱেশ ।

লগতে পঢ়ক :চোৰ আৰু চুৰি সাগ্ৰীৰে ভৰি পৰিল মৈৰাবাৰী থানা

ABOUT THE AUTHOR

...view details