অসম

assam

ETV Bharat / state

তেল ভৰাবলৈ আহোতেই দাউ দাউকৈ জ্বলিল বাহন

চিৰাঙৰ তেল ডিপোত তেল ভৰাবলৈ অহা মাৰুতি ভেনত অগ্নিকাণ্ড । কথমপি ৰক্ষা পৰে চিৰাঙৰ স্যামঠাইবাৰীৰ তেল ডিপো ৷

a maruti van fired in chirang
চিৰাঙত তেল ভৰাবলৈ আহি ভষ্মীভূত মাৰুতি ভেন

By

Published : Apr 25, 2021, 10:50 PM IST

চিৰাং , 25 এপ্ৰিল : চিৰাং জিলাৰ স্যামঠাইবাৰীৰ তেল ডিপোত তেল ভৰাবলৈ অহা মাৰুতি ভেনত অগ্নিকাণ্ড সংঘটিত হয় । স্যামঠাইবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ইণ্ডিয়ান অইলৰ স্যামঠাইবাৰী ছাৰ্ভিচ ষ্টেচনত সংঘটিত হয় এই ঘটনা । তেল ভৰাবলৈ অহাৰ সময়তে জ্বলি উঠে ভানখন ৷

চিৰাঙত তেল ভৰাবলৈ আহি ভষ্মীভূত মাৰুতি ভেন

দেওবাৰে বিয়লি ৪.৩০ বজাত সংঘটিত হোৱা ঘটনাটোত AS-১৯-G- ৯৮৫৬ নম্বৰৰ মাৰুতি ভেনখন সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । ঘটনাস্থলীত অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :কলপুলি ৰোপণেৰে হস্তী-মানৱৰ সংঘাত ৰোধৰ চেষ্টা এদল যুৱকৰ

ABOUT THE AUTHOR

...view details