চিৰাং, 18 ছেপ্তেম্বৰ :ক’ভিড-১৯ মহামাৰীৰ বাবে অনিৰ্দিষ্ট কাললৈ বিটিচিৰ পৰিষদীয় নিৰ্বাচন স্থগিত হ’লেও ৰাজনৈতিক দল সমূহে কিন্তু চলাই গৈছে নিজ নিজ দলৰ নিৰ্বাচনী প্ৰচাৰ । চিৰাং জিলাৰ 19 নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাজদহা পুথিভড়ালৰ সন্মুখত শুকুৰবাৰে ইউপিপিএল দলৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় ।
সভাত উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় সম্পাদক ফণিন বড়োৱে কয় যে, 19 নং থুৰিবাৰী সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থীক 7 হাজাৰ বড়ো ভোটেৰে জয় হোৱাটো নিশ্চিত হৈ পৰিছে৷ গতিকে আজিৰে পৰা ফটকা ফুটাই বিজয় উৎসৱ পালন কৰিব পাৰে ৰাইজে ।
আনহাতে সভাত উপস্থিত থকা 14 নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিৎ বসুমতাৰী (বি আৰ ফেৰেংগা এনডিএফবি (স)ৰ সম্পাদক) য়ে সভাত নিজ ভাষণত কয়, বিটিচিত বিগত সময়ছোৱাত অবাধ দুৰ্নীতি সংঘটিত কৰিছে বিপিএফ চৰকাৰে ।বিটিচিত এইবাৰ ইউপিপিএল দলৰ চৰকাৰ আহিলে হাগ্ৰামা মহিলাৰী জেলত যাব লাগিব ৷ গতিকে সেয়ে নিজৰ দল বিপিএফক জয়ী কৰোৱাৰ উদ্দেশ্যে হাগ্ৰামা মহিলাৰীয়ে বহু আবোল তাবোল বকিছে ।