চিৰাং, 24 জুনঃপ্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ নামত বেঙ্কৰ পৰা ঋণ লৈ দিয়াৰ আশ্বাস প্ৰদান কৰি বিগত 8 মাহ ধৰি চিৰাং জিলাৰ বাসুগাঁও, কাজলগাঁও, ঢালিগাঁও আদি অঞ্চলত এটা চক্ৰই সাধাৰণ লোকৰ পৰা লাখ লাখ টকা লুন্ঠন কৰাৰ কাৰ্য্য পোহৰলৈ আহে । বঙাইগাওঁ চহৰৰ দেবজিৎ ৰায় নামৰ যুৱক জনে বাসুগাঁও চহৰৰ ৰাজাচাৰাং এলেকাৰ বাসিন্দা মামনি ৰাজবংশী নামৰ মহিলা এগৰাকীৰ সৈতে মিলি বাসুগাঁও তিনি নং ৱাৰ্ডত এখন কাৰ্যালয় খুলি প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ নামত বেঙ্কৰ পৰা ঋণ লৈ দিয়া আশ্বাস প্ৰদান কৰি প্ৰতিজন লোকৰ পৰা নথিপত্ৰৰ নামত বেঙ্কৰ বহী, পেন কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰৰ উপৰি পাঁচশ টকাৰ পৰা আৰম্ভ কৰি এহেজাৰ পৰ্যন্ত টকা সংগ্ৰহ কৰিছিল ।
চিৰাঙত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাত বিসংগতি কৰা দুই মহিলা সহ এজন যুৱকক আটক - চিৰাং জিলা
চিৰাং জিলাৰ বাসুগাঁও চহৰত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ নামত ভয়ংকৰ বিসংগতি । ঋণ প্ৰদানৰ নামত প্ৰৱঞ্চনাৰে সাধাৰণ লোকৰ পৰা অবৈধভাৱে সংগ্ৰহ লাখ লাখ টকা । টকা বিচাৰি দুগৰাকী মহিলাসহ তিনি গৰাকী প্ৰৱঞ্চকক আটক ৰাইজৰ । ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত বাসুগাঁও থানাৰ আৰক্ষীয়ে আটক কৰি লৈ যায় তিনি প্ৰবঞ্চক ।
অধিক গুৰুত্বপূৰ্ণ কথা যে চক্ৰটোৱে প্ৰতিজন ঋণ আবেদনকাৰীৰ পৰা ৰেভিনিউ স্টাম্পৰ ওপৰত চহী কৰা উকা দলিল সংগ্ৰহ কৰিছিল । এই ঋণ দিয়াৰ নামত চক্ৰটোৱে কমিচনৰ ভিত্তিত কেইবাগৰাকী মহিলা এজেন্ট পৰ্যন্ত নিয়োগ কৰিছিল । নৰেন্দ্ৰ মোডীৰ নাম ব্যৱহাৰ কৰি চক্ৰটোৱে কেৱল বাসুগাঁও এলেকাতে প্ৰায় দহ সহস্ৰাধিক লোকৰ পৰা জালিয়াতিৰে লাখ টকা লুন্ঠন কৰিছে । ইয়াৰে অধিকাংশই হৈছে মহিলা । আবেদন কৰা কেইবামাহ উকলি যোৱাৰ পিছত আবেদনকাৰী সকলে ঋণ নেপোৱাত চক্ৰটোৰ মূল প্ৰবঞ্চক দেবজিৎ ৰায় আৰু তাৰ সহযোগী মামনি ৰাজবংশীক ৰাইজে বিচাৰি আহে যদিও কাৰ্য্যালয় বন্ধ পাই উভতি যায় । নিৰ্বাচন থকা পৰ্যন্ত প্ৰবঞ্চকৰ দলটো আত্মগোপন কৰি আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ চৰকাৰ গঠন কৰাৰ পিছত চক্ৰটো পুনৰ সক্ৰিয় হৈ পৰে ।
প্ৰবঞ্চনাৰ চিকাৰ হোৱা লোক সকলে সোমবাৰে চক্ৰটোৰ মূল দেবজিৎ ৰায় তেওঁৰ সহযোগী মামনি ৰাজবংশী আৰু এজনী এজেন্টক কাৰ্যালয়ৰ ভিতৰতে আবদ্ধ কৰি তেওঁলোকে ঋণৰ কৰি দিয়াৰ নামত দিয়া টকা , যাবতীয় নথিপত্ৰ উভতাই বিচাৰে । ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । লাহে লাহে ঋণ আবেদনকাৰীৰ সকলৰ আগমন আৰম্ভ হয় । কাৰ্যালয়ৰ ভিতৰত দম কৰি ৰখা নথিপত্ৰৰ পৰা নিজৰ নিজৰ উকা দলিলত চহী কৰা দলিল বিচাৰি হেতাওপৰা লগাই দিয়ে । খবৰ লাভ কৰি ঘটনাস্থলীত বাসুগাঁও থানাৰ আৰক্ষী আহি উপস্থিত হয়, কিন্তু একাংশ উত্তেজিত লোকে আৰক্ষীৰ সৈতেও বাক বিতণ্ডাত লিপ্ত হয়, তাৰে মাজত কিছু সংখ্যকে সুযোগ বুজি আৰক্ষীৰ সন্মূখতে প্ৰবঞ্চক দেবজিৎ ৰায়ক উত্তম মাধ্যম দিয়ে , পিছত আৰক্ষীয়ে তিনিও জনকে উত্তেজিত ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি আৰক্ষী থানাত লৈ যায় ।