অসম

assam

By

Published : Oct 6, 2020, 11:02 AM IST

Updated : Oct 6, 2020, 12:30 PM IST

ETV Bharat / state

কাজলগাঁৱত গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

বিটিআৰ চুক্তিৰ পুনৰ নিৰীক্ষণ আৰু বিটিআৰৰ পৰা অবড়ো গাঁওসমূহ কৰ্তন কৰা আদি কেইবাটাও দাবীত কাজলগাঁৱত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিয়ে ৷ বিটিআৰত 80 শতাংশ অবড়ো লোকক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে গণ সুৰক্ষা পাৰ্টীৰ নেতৃবৃন্দই ৷

Gana suraksha Parti and Abodo surakha samiti protest at Kajalgaon
কাজলগাঁৱত গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

চিৰাং, 6 অক্টোবৰঃ সোমবাৰে চিৰাং জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগনত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিয়ে ৷ বিটিআৰ চুক্তিৰ পুনৰ নিৰীক্ষণ আৰু বিটিআৰৰ পৰা অবড়ো গাঁওসমূহ কৰ্তন কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে গণ সুৰক্ষা পাৰ্টীৰ চিৰাং জিলা সমিতিৰ সভাপতি শ্বহিদুল ইছলাম,সম্পাদক মনোৰঞ্জন ৰায় সহ অবড়ো সুৰক্ষা সমিতিৰ বিষয়ববীয়া সকল ৷

কাজলগাঁৱত গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

সংগঠন দুটাৰ অভিযোগ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে একপক্ষীয় ভাৱে বিটিআৰ চুক্তি কৰাৰ লগতে ইয়াৰ ৰূপায়নৰ বাবে আয়োগ গঠন কৰি কাম আগবঢ়াইছে । বিটিআৰ অঞ্চলত গণতন্ত্ৰৰ নিয়ম উলংঘা কৰি সংখ্যালঘুৱে সংখ্যাগুৰুক শাসন কৰাৰ নিয়ম কৰিছে ৷ বিটিআৰত 80 শতাংশ অবড়ো লোকক উপেক্ষা কৰাৰ অভিযোগ গণ সুৰক্ষা পাৰ্টীৰ নেতৃবৃন্দৰ ৷

লগতে পঢ়ক-ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান

Last Updated : Oct 6, 2020, 12:30 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details