অসম

assam

ETV Bharat / state

চিৰাঙত গ্ৰেপ্তাৰ বহি: ৰাজ্যৰ প্ৰৱঞ্চক - ইটিভি ভাৰত

ঝাৰখণ্ডৰ সাহেবগঞ্জ জিলাৰ কাঠালপোকৰ দধীয়াৰ ৰামু প্ৰজাপতি (20) নামৰ প্ৰৱঞ্চক জনে নিজকে সোনৰ ব্যৱসায়ী বুলি চিনাকী দি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত বৃহৎ পৰিমাণৰ নকল সোণৰ ব্যৱসায় কৰিছিল ।

d

By

Published : Jun 5, 2019, 11:51 PM IST

চিৰাং , 5 জুন : চিৰাঙৰ ছাপাগুৰীৰ পৰা বহিঃৰাজ্যৰ প্ৰৱঞ্চক গ্ৰেপ্তাৰ ৷ব্যৱসায়ীজনে নকল সোণৰ ব্যৱসায়েৰে দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি আহিছিল সাধাৰণ লোকক ৷

চিৰাঙত বহি: ৰাজ্যৰ প্ৰৱঞ্চক গ্ৰেপ্তাৰ

আৰক্ষী সূত্ৰত প্ৰকাশ কৰে যে, ঝাৰখণ্ডৰ সাহেবগঞ্জ জিলাৰ কাঠালপোকৰ দধীয়াৰ ৰামু প্ৰজাপতি (20) নামৰ প্ৰৱঞ্চক জনে সোণৰ ব্যৱসায়ী বুলি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত বৃহৎ পৰিমাণৰ নকল সোণৰ ব্যৱসায় কৰিছিল । লগতে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত দাদগিৰি,স্যামথাইবাৰী আদি ঠাইতো বহু লোকৰ পৰা টকাৰ লেন দেনৰ বিনিময়ত নকল সোণ যোগান ধৰিছিল । ইয়াৰ পাচতে সোণবোৰ নকল বুলি প্ৰমাণিত হোৱাৰ পাচত প্ৰৱঞ্চনাৰ বলি হোৱা লোক সকলে অধিক সোণ বিচাৰি প্ৰৱঞ্চকটোক মাতি আনে । ঢালিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজিত দাধৰাই প্ৰৱঞ্চনাৰ বলি লোক সকলৰ সহযোগিতাত প্ৰৱঞ্চক সোণ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ঢালিগাঁও আৰক্ষীয়ে চিদলী আৰক্ষী চকীলৈ স্থানান্তৰিত কৰাৰ পাচতে প্ৰৱঞ্চকটোৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details