অসম

assam

By

Published : Dec 6, 2019, 7:14 PM IST

ETV Bharat / state

চিৰাঙৰ বিজনীত কেকো সাপ সহ গ্ৰেপ্তাৰ চাৰিজন

চিৰাঙৰ বিজনীত কেকো সাপ সহ চাৰিজন লোকক গ্ৰেপ্তাৰ । বিজনীৰ শিয়ালমাৰীস্থিত 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত চলোৱা অভিযানত উদ্ধাৰ হয় কেকোসাপ

arrested along with gekko gecko at bijni
কেকো সাপ সহ গ্ৰেপ্তাৰ চাৰিজন লোক


চিৰাং, 6 ডিচেম্বৰ : চিৰাঙৰ বিজনীত কেকো সাপ সহ চাৰিজন লোকক গ্ৰেপ্তাৰ । বিজনীৰ শিয়ালমাৰীস্থিত 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বিজনী আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান আৰম্ভ কৰে ৷ অভিযানত 2 টাকৈ দুষ্প্ৰাপ্য কেকোসাপ সহ 4 জন লোক আৰু এখন এল্ট' গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ।

আটকাধীন ব্যক্তি সকল ক্ৰমে বৰপেটাৰৰোডৰ বিশ্বজিৎ সাহা(31), বিজনী গৰৈমাৰীস্থিত ৰাজু নম: দাস(21), বিজনী নদীয়াপাৰাস্থিত বাবুল নাৰ্জাৰী(48) আৰু বিজনী শিয়ালমাৰী গোসাঁইগাঁওস্থিত ভূৱেনেশ্বৰ ৰায়(35) । উল্লেখ্য যে, আটকাধীন ব্যক্তিকেইজনক আৰক্ষীয়ে বিজনী ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰায় অভয়াপুৰী জেললৈ প্ৰেৰণ কৰে । জানিবপৰা মতে চিৰাঙত দীৰ্ঘদিনৰ পৰাই চলি আছিল এই অবৈধ ব্যৱসায় ৷ আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰাই চক্ৰটোৰ বিৰুদ্ধে গোপন অভিযান চলাই অৱশেষত সফল হ'বলৈ সক্ষম হয় ।

কেকো সাপ সহ গ্ৰেপ্তাৰ চাৰিজন লোক

আৰু পঢ়ক :শ্বিলঙত গ্ৰেপ্তাৰ গাড়ী চোৰ চক্ৰ

ABOUT THE AUTHOR

...view details