অসম

assam

By

Published : Feb 25, 2020, 11:50 AM IST

ETV Bharat / state

বঙাইগাঁও শোধনাগাৰত ৰং বিৰঙী ফুলৰ প্ৰদৰ্শনী

তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁও শোধনাগাৰৰ পুষ্প প্ৰদৰ্শনী মেলা ৷ এই প্ৰদৰ্শনী এক বাৰ্ষিক অনুষ্ঠানেই নহয়,ই উপনগৰীৰ বাসিন্দা সকলৰ মাজত ভাতৃত্ব তথা একতাৰ ভাৱ জগাই তোলাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্বপূৰ্ণ ৷

বঙাইগাঁও শোধনাগাৰত ৰং বিৰঙী ফুল প্ৰদৰ্শনী
বঙাইগাঁও শোধনাগাৰত ৰং বিৰঙী ফুল প্ৰদৰ্শনী

বঙাইগাঁও, 25 ফেব্ৰুৱাৰীঃ ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় দশম পুষ্প প্ৰদৰ্শনী মেলা ৷ সোমবাৰে সফল সামৰণি পৰে এই প্ৰদৰ্শনী মেলাৰ ৷

বঙাইগাঁৱত ৰং বিৰঙী ফুলৰ প্ৰদৰ্শনী

শোধনাগাৰ উপনগৰীস্থিত ৰত্নপীঠ উদ্যানত আয়োজিত আকৰ্ষণীয় এই পুষ্প প্ৰদৰ্শনীৰ যোৱা ২২ ফেব্ৰুৱাৰীৰ সন্ধিয়া বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে বি জি আৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী অমৰেন্দ্ৰ কলিতাই । উদ্বোধনী ভাষণত অমৰেন্দ্ৰ কলিতাই কয়, ফুল অকল সৌন্দৰ্যৰ প্ৰতীকেই নহয়, প্ৰকৃতিত প্ৰস্ফূটিত ই এক আত্মা। আনহাতে ফুলে মানুহৰ মনত সুখানুভূতিৰে যে জন্ম দিয়ে এনে নহয়, ই ইতিবাচক চিন্তাৰো জন্মদায়ক ।

বঙাইগাঁও শোধনাগাৰত পুষ্প প্ৰদৰ্শনী মেলা

পুষ্প প্ৰদৰ্শনী এক বাৰ্ষিক অনুষ্ঠানেই নহয়, ই উপনগৰীৰ বাসিন্দাসকলৰ মাজত ভাতৃত্ব তথা একতাৰ ভাৱ জগাই তোলাৰ অৰিহণা জগাই আহিছে । ইয়াৰ লগতে কলিতাই কয়, উপনগৰীৰ লগতে স্থানীয় বাসিন্দা সকলক পুষ্প ৰোপনৰ জৰিয়তে সৌন্দৰ্য চৰ্চা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লক্ষ্য আগত ৰাখিয়ে বঙাইগাঁও শোধনাগাৰে প্ৰতিবছৰে এই পুষ্প প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে ।

ফ্লাৱাৰ শ্ব’ 2020

ইফালে সামৰণি অনুষ্ঠানত পুষ্প প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি 38 টা শিতানত আয়োজিত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলৰ মাজত বি জি আৰৰ কাৰ্যবাহী সঞ্চালক অমৰেন্দ্ৰ কলিতা, মুখ্য মহা প্ৰৱন্ধক (প্ৰকল্প) কৈলাশ পটি, মুখ্য মহাপ্ৰবন্ধক(টি) দেৱজিৎ গগৈ, মুখ্য মহা প্ৰবন্ধক (টি এছ এণ্ড এইচ এছ ই) এম এম ছেত্ৰীয়ে বঁটা প্ৰদান কৰে ।

দশম পুষ্প প্ৰদৰ্শনী মেলা

উল্লেখ্য যে, এই তিনিওটা দিনেই মনোমোহা এই পুষ্প প্ৰদৰ্শনী উপভোগৰ বাবে বিশেষকৈ উপনগৰীৰ বাসিন্দাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ যথেষ্ট সংখ্যক লোকৰ ৰত্নপীঠ উদ্যানত সমাগম ঘটে । বাৰেৰহনীয়া,বাৰেবৰণীয়া ফুলৰে সজ্জিত এই পুষ্প প্ৰদৰ্শনীখনে বিভিন্ন প্ৰান্তৰ দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details