অসম

assam

ETV Bharat / state

লক্​ ডাউনৰ ফলত প্ৰত্যহ্বানৰ সন্মুখীন চিৰাঙৰ কৃষক - Lock down

লক্ষাধিক মূল্যৰ পাচলিৰ উৎপাদন স্বত্বেও বিপদৰ সন্মুখীন হৈছে চিৰাঙৰ কৃষকসকল ৷ এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক ফৰমান আলীয়ে প্ৰায় 15 বিঘা মাটিত কৰা খেতিৰ পিছতো বিক্ৰীৰ অভাৱত পথাৰতে নষ্ট হৈছে অধিকাংশ উৎপাদিত শস্য় ৷

Farmers faces many problems during lock down at chirang assam etv bharat news
প্ৰত্যহ্বানৰ সন্মুখীন চিৰাঙৰ কৃষক

By

Published : May 11, 2020, 7:09 PM IST

চিৰাং,11 মে’ঃলক্​ ডাউনৰ বাবে বিস্তৰ ক্ষতিসাধন হৈছে কৃষকসকলৰ ৷ শস্য উৎপাদনৰ পিছতো বজাৰৰ অভাৱত অধিকাংশ উৎপাদিত শস্য নষ্ট হৈছে পথাৰত ৷ চিৰাং জিলাৰ বেংতল বজাৰতো এজন কৃষক লক্​ ডাউনৰ ফলত সন্মুখীন হৈছে বৃহৎ সমস্যাৰ ৷ কৃষকজনে উৎপাদিত পাচলি গ্ৰাহকৰ অভাৱত পেলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত ব্যক্তিজনে সুদীৰ্ঘ দিন বেতনবিহীনভাৱে কাম কৰি আছে ৷ জিলাখনৰ বেংতল দুৰ্গাপুৰৰ বাসিন্দা ফৰমান আলী আহমেদ নামৰ ব্যক্তিজনে পৰিয়াল পোহপালৰ বাবে ১৫বিঘা মাটিত বিধে বিধে কৰিছে পাচলি খেতি ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিত কৰা এই খেতিৰ বাবে ঋণ লৈছিল লোকজনে ৷ কিন্তু লক্​ ডাউনৰ বাবে পাচলিসমূহ পথাৰতে নষ্ট হোৱাত চিন্তাত পৰিছে ব্য়ক্তিজন ৷

প্ৰত্যহ্বানৰ সন্মুখীন চিৰাঙৰ কৃষক

পূৰ্বে বড়োভূমিত তিনিবাৰকৈ হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বাবে যথেষ্ঠ ক্ষতিৰ সন্মুখীন হৈছিল চিৰাঙৰ কৃষকসকল ৷ শেহতীয়া পৰিস্থিতিৰ বাবে অধিক লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ কৃষকসকল ৷ ভাৰত তথা অসম চৰকাৰে কৃষিৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা সুবিধাসমূহ সকলো কৃষকৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাৰ বাবে সম্প্ৰতি বিপদত পৰিছে ৰাজ্যৰ একাংশ কৃষক ৷

প্ৰত্যহ্বানৰ সন্মুখীন চিৰাঙৰ কৃষক

লগতে চাওকঃসুলভ মূল্যৰ আঁচনিৰ কেৰাচিনৰ চোৰাং বেহা

ABOUT THE AUTHOR

...view details