চিৰাং, 4 মাৰ্চ:চিৰাং জিলাৰ বন বিভাগত চৰম অৰাজকতা ৷ প্ৰতিদিনে জিলাখনৰ নৈ উপনৈৰ পৰা কৰ ফাকিৰে চলিছে শিল-বালিৰ ৰমৰমীয়া বেহা ৷ চিৰাঙৰ চম্পাৱতি নৈৰ পৰা মোঝাবাৰী, আমলাইগুৰি, তিৰিমাৰী আৰু বাসুগাঁৱৰ বিভিন্ন ঠাইত বনবিভাগৰ অনুমোদিত খাদানৰ উপৰিও মাফিয়াই নিজাববীয়াকৈ বঢ়াই লৈছে খাদানৰ ঠাই ৷ যাৰ ফলত নৈ খনলৈ আহিছে ভাবুকি ৷
বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে জিলাখনত মফিয়াৰাজ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন মহলে ৷ তাৰ সমান্তৰালভাৱে মোজাবাৰী অঞ্চলৰ কাবুল নামৰ এগৰাকী বালি মাফিঁয়াই চোৰাং ব্যৱসায় চলাই অহাৰ অভিযোগ কৰিছে অঞ্চলটোৰ স্থানীয় বহু লোকে ৷ বিভিন্ন অত্যাধুনিক যন্ত্ৰৰে নৈৰ পৰা শিল-বালি সংগ্ৰহ কৰি বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি কৰাত সমগ্ৰ ঘটনা সন্দৰ্ভত জিলাখনৰ একাংশ সাংবাদিকে বৃহস্পতিবাৰে বাতৰি সংগ্ৰহৰ বাবে উক্ত স্থানলৈ যোৱাত খাদানৰ মালিক কাবুলে বনবিভাগৰ অনুমোদিত খাদানৰ তথ্য দিবলৈ অস্বীকাৰ কৰে ৷