চিৰাং, 15অক্টোবৰ :চিৰাঙত আৰক্ষীৰ অভিযানত বেংতলৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় ড্ৰাগছসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । চিৰাঙৰ বেংতলত আৰক্ষীয়ে বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত বিয়লি ৪ বজাত ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতলত এএচ ১৯এ-১৫৫৪ নম্বৰৰ মাৰুতি ভেন গাড়ী এখন সন্দেজনক অৱস্থাত তালাচী চলায় । উক্ত গাড়ীখনৰ পৰা নিষিদ্ধ এচপিস্ফেনপ্লাচ কেপচুল ২১৩৬ টা, ভূটানী টকা ১৪৬৩০/টকা আৰু ভাৰতীয় টকা ১৯০০/টকা লগতে মোবাইল ফোন এটা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । তাৰোপৰি 4 জন সৰবৰাহকাৰীক আটক কৰে ।
উল্লেখযোগ্য যে ধৃত সৰবৰাহকাৰী কেইটা ভাৰত-ভূটান সীমান্তৰ দাদগিৰি হাতীসাৰৰ বুলি জানিবপৰা গৈছে । ধৃত সৰবৰাহকাৰীকেইজন সঞ্জয় ৰাই(২২), অমিত বিশ্বাস(১৯) সঙ্গিত প্ৰধান(২২) আৰু টানহাইয়া বাচফোৰ(১৮) বুলি জানিব পৰা গৈছে ।