অসম

assam

ETV Bharat / state

বিজনীত দিব্যাঙ্গ সকলক বঙাইগাঁও শোধনাগাৰৰ বিভিন্ন সামগ্ৰী বিতৰণ

ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও ৰিফাইনেৰীৰ উদ্যোগত আৰু এলিমকোৰ সহযোগত বিজনী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৩১৬ জন দিব্যাঙ্গ হিতাধিকাৰীৰ মাজত বেটাৰী চালিত ৩ চকীয়া চাইকেল,স্মাৰ্ট ফোন,ডিজিটেল হেয়াৰিং মেচিন,স্মাৰ্ট কেন ইত্যাদি ধৰনৰ বিভিন্ন সামগ্ৰী বিতৰণ কৰে ।

বিজনীত দিব্যাঙ্গ সকলক বঙাইগাঁও শোধনাগাৰৰ বিভিন্ন সামগ্ৰী বিতৰণ

By

Published : Jun 13, 2019, 8:19 AM IST

চিৰাঙ, 12 জুন: বুধবাৰে চিৰাঙৰ বিজনীত দিব্যাঙ্গ সকলক বঙাইগাঁও শোধনাগাৰৰ বিভিন্ন সামগ্ৰী বিতৰণেৰে সহায় ৷ ভাৰতীয় তেল নিগমৰ অধিনস্থ বঙাইগাঁও ৰিফাইনাৰীৰ উদ্যোগত আৰু এলিমকোৰ সহযোগত বিজনী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৩১৬ জন দিব্যাঙ্গ হিতাধিকাৰীৰ মাজত বেটাৰী চালিত ৩ চকীয়া চাইকেল,স্মাৰ্ট ফোন,ডিজিটেল হেয়াৰিং মেচিন,স্মাৰ্ট কেন ইত্যাদি ধৰনৰ বিভিন্ন সামগ্ৰী বিতৰণ কৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহন কৰে বিটিচি উপ-মুখ্য খাম্পা বৰগয়াৰী,বিজনী বিধান সভা সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰী, বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ,অমৰেন্দ্ৰ কলিতা বঙাইগাঁও ৰিফাইনাৰীৰ মুখ্য সঞ্চালক সহ বঙাইগাওঁস্থিত IOCL BGRৰ বহু বিষয়ববীয়া উপস্থিত থাকে। সভাৰ কাৰ্যসূচী অনুযায়ী বন্তি প্ৰজ্বলন কৰে বিটিচি উপ-মুখ্য খাম্পা বৰগয়াৰী,আঁদৰণি ভাষণ আঁত ধৰে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ বিৰহাসগিৰী বসুমাতাৰী,বিজনী ৰাইজ সৰ্বাঙ্গীন উন্নয়নৰ লগতে বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ বাবে IOCL BGR যি পদক্ষেপ এলিমকোৰ জৰিয়তে গ্ৰহণ কৰিছে এয়া শলাগ লবলগীয়া বুলি মন্তব্য আগবঢ়ায় আনহাতে বিটিচি উপ-মুখ্য খাম্পা বৰগয়াৰীয়ে কয় এনেদৰে-আধুনিক সময়ত বিজ্ঞানে বহু আৱিস্কাৰ কৰিলে যদিও আজিকোপটি চকু আৱিস্কাৰ কৰিব পৰা নাই সেয়েহে মৃত্যুৰ আগতে সকলোকে চকুদান দিবলৈ আহ্বান জনায়।

বিজনীত দিব্যাঙ্গ সকলক বঙাইগাঁও শোধনাগাৰৰ বিভিন্ন সামগ্ৰী বিতৰণ

ABOUT THE AUTHOR

...view details