অসম

assam

ETV Bharat / state

কৃষক আইনৰ বিৰোধিতাৰে চিৰাঙত কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চিৰাঙৰ বিজনীতো কৃষক বিৰোধী আইন বাতিলৰ দাবীত ৰূপায়ণ কৰা হয় প্ৰতিবাদ ৷ বড়োবাজাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত বিজনী লক্ষ্মী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত নাঙল-যুঁৱলি লৈ প্ৰতিবাদ কৰিলে প্ৰতিবাদকাৰীসকলে ৷

Congress protests in Chirang against farmers' law
কৃষক আইনৰ বিৰোধিতা কৰি চিৰাঙত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Oct 10, 2020, 9:20 PM IST

চিৰাং, 10 অক্টোবৰঃৰাজ্যজুৰি কৃষক আইনৰ বিৰোধিতাৰে শনিবাৰে কংগ্ৰেছ দলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চিৰাঙৰ বিজনীতো কৃষক বিৰোধী আইন বাতিলৰ দাবীত ৰূপায়ণ কৰা হয় প্ৰতিবাদ ৷ বড়োবাজাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত বিজনী লক্ষ্মী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত নাঙল-যুঁৱলি লৈ প্ৰতিবাদ কৰিলে প্ৰতিবাদকাৰীসকলে ৷ তদুপৰি, মোদী চৰকাৰ হায় হায়, কৃষক বিৰোধী ক'লা আইন মানি লোৱা নহ'ব, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক ইত্যাদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তুলিলে প্ৰতিবাদস্থলী ৷

কৃষক আইনৰ বিৰোধিতা কৰি চিৰাঙত কংগ্ৰেছৰ প্ৰতিবাদ

ইপিনে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা চিৰাং জিলাৰ তত্বাৱধায়ক বিমল মণ্ডল,চিৰাং জিলা কংগ্ৰেছৰ কমিটিৰ সভাপতি সঞ্জীৱ ওৱাৰী,সম্পাদক অনিৰ্বান সেন,বড়োবাজাৰ ব্লক কংগ্ৰেছৰ সভাপতি আবু তালেপ শিকদাৰৰ লগতে বহুকেইগৰাকী কংগ্ৰেছ নেতা ৷

লগতে পঢ়কঃইটিভি ভাৰতৰ সৈতে ৰবি শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details