অসম

assam

ETV Bharat / state

চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মঙলবাৰে চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ জিলাত সোণোৱালে বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷ জিলাখনৰ নোৱাপাৰা এলপি স্কুলত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ খা-খবৰ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বিদ্যালয়খনত উপস্থিত হৈ মুখ্য়মন্ত্ৰী গৰাকীয়ে আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰাৰ উপৰিও কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক বৰ্ণমালাৰ শিক্ষা দিয়াও পৰিলক্ষিত হয় ৷ লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বানপানীৰ সমস্যা সমাধানৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰা বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিব দিয়ে ৷

By

Published : Jul 21, 2020, 6:51 PM IST

Chirang CM visit relief camps
চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

চিৰাং, 21 জুলাই : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চিৰাং জিলাৰো বহু অঞ্চল বানে প্লাবিত কৰিছে ৷ জিলাখনৰ বানপীড়িত লোকে বৰ্তমান ঘৰ-মাটি এৰি ওখ ঠাই তথা নিৰাপদ স্থানত আশ্ৰয় লৈছে ৷

চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মঙলবাৰে চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ জিলাখনৰ বিভিন্ন অঞ্চলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷ জিলাখনৰ নোৱাপাৰা এল.পি. স্কুলত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ খা-খবৰ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বিদ্যালয়খনত উপস্থিত হৈ মুখ্য়মন্ত্ৰী গৰাকীয়ে আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰাৰ উপৰিও কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক বৰ্ণমালাৰ শিক্ষা দিয়াও পৰিলক্ষিত হয় ৷

আনহাতে, মাজৰাবাৰী এম ই স্কুল আৰু নোৱাপাৰা প্ৰাথমিক বিদ‍্যালয়ৰ শিবিৰৰ বুজ লোৱাৰ পিচতে সংবাদ মাধ‍্যমক সম্বোধন কৰে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ‍্যমন্ত্ৰীয়ে সাংবাদিকক সম্বোধন কৰি জনাই যে, বানত অসমৰ বহু লোকৰ ক্ষতি হৈছে । গতিকে, বানপীড়িত লোকে উপযুক্ত সাহাৰ্য‍ লাভ কৰিছে নে নাই তাৰ খবৰ লবলৈ আহিছো । লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বানপানীৰ সমস্যা সমাধানৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰা বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ইফালে, ভূটানৰ পৰা নামি অহা পানীয়ে অসমত বানপানীৰ সৃষ্টি কৰা বুলিও মন্তব্য প্ৰদান কৰে । মুখ্যমন্ত্ৰী সোণোৱালে বানাক্ৰান্তৰ বাবে চৰকাৰে পৰ্যাপ্ত পৰিমাণে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ লগতে বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আগন্তক দিনত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷ আনহাতে, অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে লবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰে মোদীৰ লগত আলোচনা কৰাৰ লগতে ভুটানৰ নদীবান্ধ সমূহৰ বিষয়ে ভুটানৰ লগত আলোচনা কৰাৰ কথা সংবাদ মাধ্যমৰ আগত জানিব দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

উল্লেখ্য যে, মুখ‍্যমন্ত্ৰীয়ে চিৰাঙৰ বানপীড়িত লোকৰ শিবিৰ ভ্ৰমনৰ পিচতে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জামদহা বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উক্ত অঞ্চলত উপস্থিত হয় ৷

লগতে পঢ়ক :বৰপেটাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

ABOUT THE AUTHOR

...view details