অসম

assam

ETV Bharat / state

চিৰাঙত যুৱ নেতৃত্ব আৰু সমুহীয়া উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ - নেহৰু যুৱকেন্দ্ৰৰ কৰ্মশালা

চিৰাঙৰ কাজলগাঁৱত নেহৰু যুৱ কেন্দ্ৰ চিৰাং আৰু চিৰাং জিলা প্ৰশাসনৰ উদ‍্যোগত তিনি দিনীয়াকৈ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত ।

Chirang Youth leadership and community development training  camp
চিৰাঙত যুৱ নেতৃত্ব আৰু সমুহীয়া উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ

By

Published : Feb 27, 2020, 10:46 PM IST

চিৰাং,27 ফেব্ৰুৱাৰী:চিৰাঙত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে যুৱ নেতৃত্ব আৰু সমুহীয়া উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ । জিলা সদৰ কাজলগাঁওৰ বড়োলেণ্ড অতিথিশালাত অনুষ্টিত হোৱা এই কৰ্মশালাত চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ ৪২ জন যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে । কেন্দ্ৰীয় চৰকাৰৰ যুৱ বিকাশ আৰু ক্ৰীড়া মন্ত্ৰনালয়ৰ অধীনৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত বিশেষকৈ যুৱক-যুৱতীসকলক সমাজত নেতৃত্ব প্ৰদান তথা চৰকাৰী বিভিন্ন বিভাগৰ আঁচনি আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমল ব্যক্তিসকলে আহি আৱাসিক এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ দিব ।

আজি চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মই আনুষ্ঠানিকভাৱে এই প্ৰশিক্ষণ শিবিৰৰ উদ্বোধন কৰে । ২৭, ২৮ আৰু ২৯ তাৰিখ লৈ চলিবলগীয়া এই প্ৰশিক্ষণ শিবিৰত নেহৰু যুৱ কেন্দ্ৰ চিৰাঙৰ জিলা যুৱ বিষয়া আতোৱাৰ ৰহমান, সাংস্কৃতিক কৰ্মী লক্ষ্মী বসুমতাৰী, নেহৰু যুৱ কেন্দ্ৰ বঙাইগাঁওৰ কামালুদ্দিন বৰভূঞা উপস্থিত থাকে ।

চিৰাঙত যুৱ নেতৃত্ব আৰু সমুহীয়া উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ

উল্লেখ্য যে, অহা ১১ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ দেশৰ ৰাজধানী নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয় আৰু ক্ৰীড়া তথা যুৱ বিকাশ মন্ত্ৰণালয়ৰ যৌথ উদ্যোগত আয়োজিত উত্তৰ-পূৰ্বাঞ্চল যুৱ সাংস্কৃতিক আদান-প্ৰদান অনুষ্ঠানত চিৰাং জিলাৰ পৰা ৩৩ জন যুৱক-যুৱতী আৰু তিনিজন অনুৰক্ষক (দায়িত্বশীল) বিষয়াই অংশগ্ৰহণ কৰিব বুলি জনাই নেহৰু যুৱকেন্দ্ৰৰ চিৰাঙৰ জিলা যুৱ বিষয়া আতোৱাৰ ৰহমানে ।

লগতে পঢ়ক:6 টাকৈ হত্যাকাণ্ডৰ অভিযুক্ত জলীয়ে কাৰাগাৰত চলালে আত্মহননৰ চেষ্টা

ABOUT THE AUTHOR

...view details