অসম

assam

ETV Bharat / state

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তিৰ উপদ্ৰৱ - ETV BHARAT ASSAM

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ ব্ৰহ্মপাৰা গাঁৱত নিশা বন্যহস্তিৰ তাণ্ডৱ ।

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তিৰ উপদ্ৰৱ

By

Published : Jun 18, 2019, 1:43 AM IST


চিৰাং, 18 জুনঃ ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দেউশ্ৰীৰ ব্ৰহ্মপাৰা গাঁৱত বন্যহস্তিৰ তাণ্ডৱলীলা ৷ দুটা বন্যহস্তিয়ে নিশা তাণ্ডৱ চলালে গাঁওখনৰ দৰিদ্ৰ তথা কোনোমতে দিন হাজিৰা কৰি চলা শ্ৰমিক সম্বাৰু ৰায়ৰ ঘৰত । কথমপি প্ৰাণৰক্ষা পৰে ঘৰত থকা লোক কেইজনৰ । বাসগৃহ ভাঙী দিয়াৰ লগতে ঘৰৰ সামগ্ৰীয়ো নষ্ট কৰাৰ ওপৰি বাৰীৰ বহু গছ-গছনিয়ো ধ্বংস কৰে হাতী কেইটাই । প্ৰায়ে অঞ্চলটোত ৰিপু চিৰাং বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তিয়ে তাণ্ডৱ চলায় অঞ্চলটোত ৷

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তিৰ উপদ্ৰৱ

দীৰ্ঘদিনৰ পৰাই বন্যহস্তিৰ তাণ্ডৱৰ পৰা গাঁওবাসীক ৰক্ষাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আছে৷ নিশা বন্যহস্তিয়ে তাণ্ডৱ চলোৱাৰ কথা বন বিভাগক জনোৱাৰ পিচতো বন বিভাগৰ কোনো এজন লোকে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে দেউশ্ৰীৰ স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details