অসম

assam

চিৰাঙত অচিনাক্ত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে নিৰ্বাচনী কাৰ্যালয়

By

Published : Nov 29, 2020, 4:44 PM IST

চিৰাঙৰ বিজনী থানাৰ অন্তৰ্গত ১৭ নং সুবাইঝাৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনি হিংসা। মাজনিশা ইউপিপিএলৰ নিৰ্বাচনী কাৰ্য্যালয়ৰ পোষ্টাৰ বেনাৰ ফালিলে দুৰ্বৃত্তই।

Chirang UPPL election vandalise
চিৰাঙত অচিনাক্ত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে নিৰ্বাচনী কাৰ্যালয়

চিৰাং,29 নৱেম্বৰঃ চিৰাঙৰ বিজনী কাউৱাটিকাত ইউপিপিএলৰ নিৰ্বাচনি কাৰ্যলয়ত লগোৱা পোষ্টাৰ বেনাৰসমূহ শনিবাৰে নিশা ফালি চিঙি চুৰমাৰ কৰে কোনো অচিনাক্ত দুৰবৃৰ্ত্তই ৷ ঘটনা সংঘটিত হোৱাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ১৭নং সুবাইঝাৰ সমষ্টিৰ ইউপিপিএল দ'লৰ মনোনীত প্ৰাৰ্থী তথা বিজনী জিলা ইউপিপিএলৰ সভাপতি গুনেশ্বৰ গয়াৰী, বিজনী জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক হোমপ্ৰশাদ শৰ্মা আৰু বিজনী জিলা ইউপিপিএলৰ কৰ্মকৰ্তা সকল ।

চিৰাঙত অচিনাক্ত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে নিৰ্বাচনী কাৰ্যালয়

দেওবাৰে ১৭নং সুবাইঝাৰ সমষ্টিৰ ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী গুনেশ্বৰ গয়াৰীয়ে সংবাদ মাধ্যমৰ অগত কয় যে, অচিনাক্ত দুৰ্বৃত্তই যি নিৰ্বাচনি হিংসা কৰিলে, তাৰ বাবে উচিত তদন্ত কৰিব লাগে বিজনী প্ৰশাসনে ৷ লগতে তেওঁ এই কাৰ্যৰ লগত জড়িত দুৰ্বৃত্তক এনেকুৱা কামৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে ।

চিৰাঙত অচিনাক্ত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে নিৰ্বাচনী কাৰ্যালয়
উল্লেখযোগ্য যে, সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ বিজনীত এই ধৰণৰ নিৰ্বাচনি হিংসা পূৰ্ৱতে সংঘটিত হোৱাৰ কোনো নজিৰ নাছিল । এইবাৰ ক্ৰমাত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই ধৰণৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । লগতে পঢ়কঃ কৃষি আইনৰ বিৰোধিতাৰে মহানগৰীত সন্মিলিত নাগৰিক মঞ্চৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details