অসম

assam

ETV Bharat / state

চিৰাং জিলা স্বাস্থ্য বিভাগৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সজাগতা সভা

মঙলবাৰে যক্ষ্মা ৰোগৰ সজাগতা সমদল উলিয়াই চিৰাং জিলা স্বাস্থ্য বিভাগৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগে । জিলাখনৰ সদৰ কাজলগাঁৱৰ অসামৰিক চিকিৎসালয় জে এচ বি অসামৰিক চিকিৎসালয়ৰ পৰা ওলোৱা এই সমদলৰ শুভাৰম্ভণি কৰে ৰাতুল চন্দ্ৰ বৰদলৈয়ে ৷

By

Published : Dec 29, 2020, 1:41 PM IST

Chirang TB Walkthon rally
চিৰাং জিলা স্বাস্থ্য বিভাগৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সজাগতা সভা

চিৰাং, 29 ডিচেম্বৰ : চিৰাঙত মঙলবাৰে যক্ষ্মা ৰোগৰ সজাগতা সমদল উলিয়াই জিলা স্বাস্থ্য বিভাগৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগে । জিলা খনৰ সদৰ কাজলগাঁও অসামৰিক চিকিৎসালয় জে এচ বি অসামৰিক চিকিৎসালয়ৰ পৰা ওলোৱা এই সমদলত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল চন্দ্ৰ বৰদলৈয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰে ।

চিৰাং জিলা স্বাস্থ্য বিভাগৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সজাগতা সভা

জিলা স্বাস্থ্য বিভাগৰ যক্ষ্মাৰোগ নিয়ন্ত্ৰণ বিষয়া চিকিৎসক কুমুদ ডেকা,কাশিকত্ৰা মডেল হাস্পতালৰ ভাৰপ্ৰাপ্ত বিষয়া চিকিৎসক ৰাজেশ পাণ্ডে,জিলাৰ মেডিয়া বিষয়া ময়েজ উদ্দিন আহমেদ,বিলাসপুৰ মানছুৰীয়া হাই মাদ্ৰাছাৰ শিক্ষক,ছাত্ৰ-ছাত্ৰী,ছেন্ট আগষ্টিন নাৰ্চিং হোমৰ নাৰ্ছ সকলে এই সমদলত অংশ গ্ৰহণ কৰে ।

চিৰাং জিলা স্বাস্থ্য বিভাগৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সজাগতা সভা

উদ্ধোধনী অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল চন্দ্ৰ বৰদলৈয়ে কয়, চিৰাং জিলাত এতিয়ালৈকে মুঠ ৪৮৮ জন যক্ষ্মা ৰোগী চিনাক্ত হৈছে । ইয়াৰে ৪৭৯ জন সামান্য প্ৰাথমিক ৰোগীৰ চিকিৎসা হৈ আৰোগ্যৰ দিশত আৰু ৯ জন জটিল যক্ষ্মা ৰোগী বুলি জানিবলৈ দিছে সঞ্চালক গৰাকীয়ে ।

চিৰাং জিলা স্বাস্থ্য বিভাগৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সজাগতা সভা

লগতে পঢ়ক : অসমত দ্বিতীয় দিনা আৰম্ভ হৈছে ক'ৰণা প্ৰতিষেধকৰ পৰীক্ষণ

ABOUT THE AUTHOR

...view details