পাঠ্যপুথি অবিহনে চিৰাঙৰ আশ্ৰয় শিবিৰত পঠদান - etv bharat
পাঠ্যপুথি নোহোৱাকৈ শিবিৰতে পঢ়িবলগীয়া হৈছে চিৰাং জিলাৰ সুবাইঝাৰ বন্যাৰ্তৰ শিবিৰৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ ৪৮ জন ছাত্ৰ-ছাত্ৰীক শিবিৰতে পাঠদানৰ ব্যৱস্থা কৰিছে শিক্ষক অজিত কুমাৰ শৰ্মা আৰু ম্ৰিনাল ৰায়ে ৷
বন্যাৰ্ত শিশুৰ শিক্ষাৰ তথৈবচ অৱস্থা
চিৰাঙ, 3 আগষ্টঃ চিৰাঙত বানপানীৰ পিচত বন্যাৰ্ত শিশুৰ শিক্ষাৰ অৱস্থা তথৈবচ । পাঠ্যপুথি নোহোৱাকৈ শিবিৰতে পঢ়িবলগীয়া হৈছে চিৰাং জিলাৰ সুবাইঝাৰ বন্যাৰ্তৰ শিবিৰৰ ছাত্ৰ-ছাত্ৰী| বানে উটুৱাই নিছে ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি ৷ ৮৪০ নং ডাবাবিল প্ৰাথমিক বিদ্যালয়ৰ ৪৮ জন ছাত্ৰ-ছাত্ৰীক শিবিৰতে পাঠদানৰ ব্যৱস্থা কৰিছে শিক্ষক অজিত কুমাৰ শৰ্মা আৰু ম্ৰিনাল ৰায়ে৷ কিন্তু পাঠ্যপুঠি নথকাৰ বাবে এতিয়া সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী সকল৷