অসম

assam

ETV Bharat / state

এজন দৰিদ্ৰ ছাত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজন আৰ্থিক সাহাৰ্য

চিৰাঙৰ এজন দৰিদ্ৰ ছাত্ৰৰ বিকল হৈ পৰিছে দুয়োটা কিডনী । চিকিৎসাৰ বাবে হৃদয়বান লোকৰ পৰা সহায়ৰ আহ্বান পিতৃ-মাতৃৰ ।

এজন দৰিদ্ৰ ছাত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজন আৰ্থিক সাহায্য

By

Published : Aug 6, 2019, 9:25 AM IST

চিৰাং, 6 আগষ্টঃ চিৰাঙৰ বিজনী বাতাবাৰীৰ দৰিদ্ৰ শ্ৰমিক নয়ন দাসৰ একমাত্ৰ পুত্ৰ মোনাই দাস । পঞ্চম শ্ৰেণীৰ ছাত্ৰ মোনাই দাসৰ সম্প্ৰতি বিকল হৈ পৰিছে দুয়োটা কিডনী । ১ আগষ্টত বঙাইগাৱঁৰ ব্যাক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱাত চিকিৎসকে জানিবলৈ দিয়ে যে ইতিমধ্যে দুয়োটা কিডনীয়ে বিকল হৈ পৰিছে মোনাই দাসৰ । কিন্তু দৰিদ্ৰ এই পৰিয়ালটোৰ মোনাই দাসৰ উন্নত চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন ।

এজন দৰিদ্ৰ ছাত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজন আৰ্থিক সাহায্য

সেয়েহে পৰিয়ালটোৱে সহায় বিচাৰিছে হৃদয়বান লোকৰ পৰা । বিজনী বাসী ৰাইজৰ লগতে অসম বাসী ৰাইজৰ ওচৰত নিজৰ সন্তানৰ চিকিৎসাৰ বাবে বাধ্যত পৰি সহায় বিচাৰিবলগীয়া হৈছে পৰিয়ালটিয়ে । যদি কোনো সদাশয় ব্যক্তিয়ে এই কণমানি ছাত্ৰ জনৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য কৰিব বিচাৰে তেন্তে ৯১০১০০৯৯৬১ ৯১০১৪৮০০৪৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ৷

ABOUT THE AUTHOR

...view details