চিৰাঙত আৰক্ষীৰ জিম্মাত মাছ কঢ়িওৱা গাড়ী - ধন
ব্যৱসায়ীৰ পৰা ধন লাভ কৰাৰ আশাত মাছ কঢ়িওৱা গাড়ী ৰখোৱাৰ অভিযোগ ৷ বহু ঘন্টা ধৰি গাড়ীকেইখন ৰখাই থোৱাত নষ্ট হৈ যায় মাছসমুহ
চিৰাঙ, 3 আগষ্ট : চিৰাঙত নিশা আৰক্ষীয়ে ৰখাই থৈছে পাঁচখনকৈ মাছ কঢ়িওৱা গাড়ী । ব্যৱসায়ীৰ পৰা ধন লাভ কৰাৰ আশাতেই আৰক্ষীয়ে মাছ কঢ়িওৱা গাড়ীকেইখন ৰখাই থোৱাৰ অভিযোগ ৷ নিশা 1 বজাত চিৰাং জিলাৰ ঢালিগাঁও মেইনগেটত 31 নং চি ৰাষ্ট্ৰীয় ঘাই পথত গাড়ী পাঁচখন ৰখাই আৰক্ষীয়ে গাড়ীৰ চাবি আৰু চালকসকলক ঢালিগাঁও থানালৈ লৈ যায় । আৰক্ষীয়ে মাহেকীয়া ভিত্তিত ধন লাভৰ আশাত এনে ধৰণে ক্ষতি কৰি আছে বুলি উল্লেখ কৰে গাড়ীৰ লোকসকলে । পশ্চিমবংগৰ পৰা গুৱাহাটীলৈ লৈ অনা হৈছিল মাছসমুহ । প্ৰতিখন গাড়ীত আছে প্ৰায় ডেৰ লাখ টকাৰ মাছ ৷ বহু ঘন্টা ধৰি গাড়ীকেইখন ৰখাই থোৱাত নষ্ট হৈ যায় মাছসমুহ ৷ ফলত গুৱাহাটীৰ বজাৰত মাছৰ দাম বৃদ্ধি পোৱাৰ আশংকা দেখা দিছে ।