অসম

assam

ETV Bharat / state

পৃথিৰাজ নাৰায়ণ মেচৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অবড়ো গণ সুৰক্ষা পাৰ্টি - মাধৱ ৰাজবংশী

অবড়ো-গণ সুৰক্ষা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী ইনামুল হক মাহমুদৰ হকে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী ৷

Chirang oboro leader react on uppl assam etv bharat news
অবড়ো গণ সুৰক্ষা পাৰ্টিৰ প্ৰতিক্ৰিয়া

By

Published : Aug 31, 2020, 4:56 PM IST

চিৰাং,31 আগষ্ট: চিৰাঙৰ 19নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অবড়ো গণ সুৰক্ষা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী ইনামুল হক মাহমুদৰ হকে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী ৷ জিলাখনৰ আলুখুন্দা জ্ঞানজ‍্যোতি একাডেমীত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত ইউপিপিএলৰ নেতা তথা বিটিআৰ চুক্তিৰ মধ‍্যস্থতাকাৰী পৃথিৰাজ নাৰায়ণ মেচৰ সংবাদমেলত ব্যক্ত কৰা কথাৰ তীব্ৰ বিৰোধিতা কৰি জাঙোৰ খাই উঠে অবড়ো নেতাগৰাকী । অসম চৰকাৰে অবড়ো ৰাইজক বাৰে বাৰে ঠগি আহিছে বুলিও কয় নেতাগৰাকীয়ে । গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক অজয় ৰায় আৰু বিজনী জিলা গণ সুৰক্ষা পাৰ্টিৰ কাৰ্যকৰী সভাপতি ফিৰোজ আহমেদো উপস্থিত থাকে এই নিৰ্বাচনী সভাত ।

অবড়ো গণ সুৰক্ষা পাৰ্টিৰ প্ৰতিক্ৰিয়া

দেওবাৰে কোকৰাঝাৰত ইউপিপিএলৰ নেতা দুগৰাকীয়ে সংবাদমেল অনুষ্ঠিত কৰি পৃথক বড়োলেণ্ড আন্দোলনৰ হুংকাৰ দিছিল । তাৰপিছতে অন‍্যান‍্য দল-সংগঠনৰ লগতে ইউপিপিএলৰ মাজতো এই বিষয়ে জোঁকাৰণিৰ সৃষ্টি হৈছিল । ইতিমধ‍্যে ইউপিপিএলে বিতৰ্কিত নেতা পৃথ্বিৰাজ নাৰায়ণক বহিষ্কাৰ কৰিছে ৷

লগতে চাওকঃপৰিত্যক্ত গুৱাহাটীৰ অভিলাষী বৈদ্যুতিক শ্মশান

ABOUT THE AUTHOR

...view details