চিৰাং, 15 জুলাই : ক’ভিড (Covid) অতিমাৰীয়ে দেশৰ লগতে ৰাজ্যৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ অৰ্থনীতি ক্ৰমাৎ ভাঙি পৰাৰ সময়তে অন্য এক খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে কৃষক সমাজলৈ ৷ এইবাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে অসমৰ নেমুটেঙা (Lemon)ই ৷ লণ্ডন (London)ত সমাদৰ লাভ কৰিছে চিৰাং জিলাত উৎপাদিত নেমুৱে ৷
চিৰাং জিলাৰ পাণবাৰী অঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি (Export) কৰা হৈছে শ শ কেজি নেমু ৷ ৰাজ্যৰ কৃষি বিভাগ (Agriculture Department) আৰু পাণবাৰী বডোফা এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী (Bodofa Agro Organic Producer Company Limited)ৰ প্ৰচেষ্টাত বিগত 6 জুলাইত ৰপ্তানি কৰা হৈছে নেমুটেঙাসমূহ ৷ লণ্ডনৰ বজাৰত অসমৰ নেমুৱে বৃহৎ সমাদৰ লাভ কৰাৰ পাচতে পৰৱৰ্তী সপ্তাহৰ ভিতৰত অঞ্চলটোৰ পৰা পুনৰ দুই মেট্ৰিকটন নেমু লণ্ডনলৈ প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে কোম্পানীটো ৷