চিৰাং, 13 জুনঃ কাৰ্যালয়ৰ বিপৰীতে গছৰ তলত চিৰাঙৰ সদৰ কাজলগাঁওস্থিত চিৰাং বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকল । উৎকট গৰম সহ্য কৰিব নোৱাৰি কাৰ্যালয় এৰি ওচৰৰ গছৰ তলত ঠাণ্ডা বিচাৰিছে কৰ্মচাৰীসকলে । উত্তাপে প্ৰায় 37 ডিগ্ৰীৰ পাৰাস্তম্ভ অতিক্ৰম কৰাৰ উপক্ৰম হৈছে অঞ্চলটোত ৷ কৰ্মচাৰীৰ অভিযোগ যোৱা এবছৰে কাৰ্যালয়টোত ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ ব্যৱস্থা । বিদ্যুৎ সংযোগ অবিহনেই নিজৰ কৰ্তব্য কৰি গৈছে কৰ্মচাৰী সকলে৷
উৎকট গৰমত কাৰ্যালয় এৰি গছৰ তলত কৰ্মচাৰী - জিলা জনসংযোগ বিষয়া
উত্তাপে প্ৰায় 37 ডিগ্ৰীৰ পাৰাস্তম্ভ অতিক্ৰম কৰাৰ উপক্ৰম হৈছে চিৰাঙত ৷ কৰ্মচাৰীৰ অভিযোগ যোৱা এবছৰে কাৰ্যালয়টোত ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ ব্যৱস্থা । বিদ্যুৎ সংযোগ অবিহনেই নিজৰ কৰ্তব্য কৰি গৈছে কৰ্মচাৰীসকলে৷
উৎকট গৰমত কাৰ্যালয় এৰি গছৰ তলত কৰ্মচাৰী
কেৱল এইটো কাৰ্যালয়তেই নহয়, জিলা জনসংযোগ বিষয়াৰ কাৰ্যালয়, খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ কাৰ্যালয়,শ্ৰম আৰু নিয়োগ বিভাগৰ কাৰ্যালয়ৰ লগতে আৰু কেইবাটাও বিভাগৰ কাৰ্যালয়ত বিদ্যুৎ সংযোগ নথকাৰ ফলত এই উৎকট গৰমত জমৰ যাতনা ভোগিব লগীয়া হৈছে কৰ্মচাৰী সকলে । বিটিএডিৰ সংশ্লিষ্ট বিভাগ সমূহলৈ অতি শীঘ্ৰেই বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে কৰ্মচাৰী সকলে৷
লগতে পঢ়কঃ উৎকট গৰমঃ কি দৰে সুস্থ ৰাখিব নিজকে ?