অসম

assam

ETV Bharat / state

চিৰাঙত খহনীয়াৰ ভয়াৱহ ৰূপ - বানপানী

ইতিমধ্যে ডাবাবিল গাঁৱৰ মুঠ ১৪ খন ঘৰ আই নদীৰ গৰাখহনীয়াত জাহ গৈছে । আনহাতে ক্ৰমাৎ খহিব ধৰিছে আই নদীৰ বান্ধ ফলত প্ৰশাসন বা চৰকাৰে অতি শীঘ্ৰে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহন নকৰিলে আই নদীৰ পানীয়ে উতুৱাই নিব  ২০/২৫ খন গাঁৱৰ লগতে ভাৰতীয় তেল নিগমৰ অধীনত থকা বঙাইগাঁও শোধনাগাৰ ।

গৰাখহনীয়াই ভয়াবহতা কঢ়িয়াইছে চিৰাংবাসীলৈ

By

Published : Jul 15, 2019, 11:08 AM IST

চিৰাং, 15 জুলাইঃ চিৰাঙত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে দিনে দিনে ভয়াৱহৰূপ লৈছে আই নদীৰ গৰাখহনীয়াই ৷ লগতে অধিক জটিল হৈছে অঞ্চলটোৰ পৰিৱেশ । বিগত 7 দিনৰ পৰা বানপানীত ককবকাই থকা বিভিন্ন অঞ্চলৰ লোকক উদ্ধাৰ অভিযান তথা সাহাৰ্য সামগ্ৰী বিতৰণৰ নামত জিলা প্ৰশাসনৰ অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে বানপীড়িতসকলে । ডাবাবিল, মাদাৰপুৰ আদি অঞ্চলৰ ভুক্তভোগী লোকে যোগাযোগ কৰাৰ পিচতো জিলা প্ৰশাসনে বৰ্তমানলৈ খবৰ লোৱা নাই বুলিও অভিযোগ কৰিছে গাঁওবাসীয়ে ।

গৰাখহনীয়াই ভয়াবহতা কঢ়িয়াইছে চিৰাংবাসীলৈ

ইতিমধ্যে ডাবাবিল গাঁৱৰ মুঠ ১৪ খন ঘৰ আই নদীৰ গৰাখহনীয়াত জাহ গৈছে । আনহাতে ক্ৰমাৎ খহিব ধৰিছে আই নদীৰ বান্ধ ফলত প্ৰশাসন বা চৰকাৰে অতি শীঘ্ৰে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহন নকৰিলে আই নদীৰ পানীয়ে উটুৱাই নিব ২০/২৫ খন গাঁৱৰ লগতে ভাৰতীয় তেল নিগমৰ অধীনত থকা বঙাইগাঁও শোধনাগাৰ । আনহাতে চিৰাঙত বিগত সময়ছোৱাত বিটিচি প্ৰশাসনে বহুবাৰ গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সকলো ফোটোকাৰ ফেন । দুবছৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও চিৰাং জিলা ভ্ৰমণ কৰি গৰাখহনীয়া ৰোধৰ স্থায়ী পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিছিল যদিও আজিলৈ সেই আশ্বাস বাস্তবত পৰিণত নহ'ল ৷

ABOUT THE AUTHOR

...view details