অসম

assam

ETV Bharat / state

চিৰাঙত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ এবছু-আক্ৰাছুৰ - assam news

বানপানীৰ সমস্যা সমাধানৰ জড়িয়তে অসম তথা চিৰাং জিলাবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে বুলিও মন্তব্য কৰে। লগতে গৰাখহনীয়াৰ সমস্যা সমাধানৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে

চিৰাঙত বন্যাৰ্তৰ মাজত সাহায্য বিতৰণ এবছ-আক্ৰাছুৰ

By

Published : Jul 17, 2019, 10:55 AM IST

Updated : Jul 17, 2019, 11:55 AM IST

চিৰাং,17 জুলাইঃ চিৰাং জিলাৰ দেউশ্ৰিত থকা বানাক্ৰান্তৰ শিবিৰত সাহাৰ্য সামগ্ৰী বিতৰণ ৷ চিৰাং জিলাৰ এবছুৰ সভাপতি খনীন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এক সজাতি দলে সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। সদৌ চাওতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক ছলমন মুৰ্মুয়েও এবছুৰ দলটোৰ সৈতে শিবিৰটো ভ্ৰমণ কৰে। এবছুৰ চিৰাং জিলা সভাপতি জনে চৰকাৰৰ ওচৰত দাবী জনায় যে শীঘ্ৰেই বান সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰিব লাগে। বানপানীৰ সমস্যা সমাধানৰ জড়িয়তে অসম তথা চিৰাং জিলাবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে বুলিও মন্তব্য কৰে। লগতে গৰাখহনীয়াৰ সমস্যা সমাধানৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে। প্ৰতিজন বন্যাৰ্তৰ এক কালিন আৰ্থিক সাহাৰ্যৰ দাবী জনায় লগতে সকলো বানপীড়িত লোকক এচ ডি আৰ এফ বা এন ডি আৰ এফ লগাই উদ্ধাৰ কৰাৰ সমান্তৰালকৈ পৰ্যাপ্ত সাহাৰ্য সামগ্ৰী বিতৰণ,চিকিৎসা সেৱা প্ৰদানৰ দাবী জনোৱাৰ লগতে এবছুৰ সভাপতি জনে এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি কয় যে নদী সমূহৰ যতে ত'তে মহল বনাই শিল বালি সংগ্ৰহ কৰা বন্ধ কৰিব লাগে।

চিৰাঙত বন্যাৰ্তৰ মাজত সাহাৰ্য্য বিতৰণ এবছ-আক্ৰাছুৰ

আনহাতে,16 জুলাইত ইটিভি ভাৰতত প্ৰচাৰিত বাতৰিৰ পাচতে চিৰাঙৰ ডাবাবিল গাঁৱত আক্ৰাছুৰ আহ্বানত এচ এচ বিৰ উদ্ধাৰকাৰী এটা দল উপস্থিত হয়।

Last Updated : Jul 17, 2019, 11:55 AM IST

ABOUT THE AUTHOR

...view details