চিৰাং,13 জানুৱাৰী: উৰুকাত নিশা মাছে-মহঙে এসাঁজ খোৱাৰ বাবে সাজু ৰাজ্যবাসী ৷ চিৰাং জিলাৰ এক নং দাউখানগৰৰ লোক সকলেও ব্যস্ত হৈ পৰিছে উৰুকাৰ নিশা এসাঁজ জুতিৰে খোৱাৰ বাবে ৷ উক্ত গাঁও খনৰ আদৰ্শ খেতিয়ক ইয়াচিন আলীয়ে নিজ পুখুৰীৰ মাছ বিক্ৰীৰ বাবে সাজু কৰি তুলিছে ৷ পুখুৰীৰ ৰৌ,ভকুৱা,চিতল আদি বিভিন্ন মাছ ধৰি ইতিমধ্যে বিক্ৰীৰ বাবে সাজু কৰিছে লোক জনে ৷
ভোগালী উৰুকাৰ পুৱাই চিৰাঙত মাছৰ উজান - আদৰ্শ খেতিয়ক
চিৰাঙত উৰুকাৰ মাছৰ উভৈনদী । উৰুকাৰ নিশা মাছ-মহঙে এসাঁজ খোৱাৰ প্ৰয়াস লোক সকলৰ ।
উৰুকাৰ নিশা চিৰাঙত থলুৱা মাছেৰে খাওক এসাজ
উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যৰ বজাৰ সমূহ ভৰি পৰিছে বিভিন্ন ধৰণৰ মাছেৰে ৷ পুৱাই হিল দ’ল ভাঙি লোক ওলাই আহিছে লোকসকল ৷ কোনে কিমান ডাঙৰ মাছ কিনিব পাৰে তাক লৈও চলিছে ব্যাপক প্ৰতিযোগিতা ৷
অন্য এক খবৰৰ বাবে: বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপন আঁচনি