চিৰাং, 24 মে’:চিৰাঙত দুৰ্বৃত্তৰ অসৎ কাৰ্য ৷ এটা দুটা নহয় মীন পালক সৰ্বেশ্বৰ বসুমতাৰী নামৰ লোকজনৰ তিনিটাকৈ প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীত বিহ দি নিধন কৰিলে প্ৰায় ১৫ কুইন্টলৰ মাছ ৷ যাৰ বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে বসুমতাৰীয়ে । আচলতে কোনে কিয় এইদৰে পুখুৰীত বিহ দি মাছ নিধন কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷
দূৰ্বিত্তই বিহ দি নিধন কৰিলে লাখ-লাখ মাছ - মাছ
চিৰাঙৰ পানবাৰী ভূটীয়া পাৰাত পুখুৰিত বিহ দি কেইবালাখ টকাৰ মাছ নষ্ট কৰিলে দুৰ্বৃত্তই । চিৰাং জিলাৰ পানবাৰীৰ ভূটীয়া পাৰাৰ ১ নং গোৰৱদাৰাত পুখুৰীত বিহ দি তিনিটাকৈ পুখুৰীত কেইবালাখ টকাৰ মাছ নিধন কৰিলে দুৰ্বৃত্তই ।
চিৰাঙত বিহ দি লাখ-লাখ মাছ নিধন দুৰ্বৃত্তৰ
এই সন্দৰ্ভত জিলা মিন বিষয়াক অৱগত কৰাৰ লগতে পানবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে সৰ্বেশ্বৰ বসুমতাৰীয়ে । অৱশ্যে মৰা মাছ সমূহ উদ্ধাৰ কৰি কিছু বিক্ৰী কৰে যদিও অধিকাংশ মাছ গাঁওবাসীৰ মাজত বিলাই দিয়ে । প্ৰায়বোৰ মাছৰ পেটতেই কনি আছিল । আনহাতে পুখুৰী কেইটাৰ বীমা কৰোৱা হোৱা নাছিল যাৰ বাবে এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হোৱাত এতিয়া হতাশাত ভূগিছে মীন পালক জন ৷ এতিয়া একমাত্ৰ সহায়ৰ বাবে বাট চাইছে জিলা মীন বিভাগ তথা চৰকাৰৰ পৰা মীনপালক সৰ্বেশ্বৰ বসুমতাৰীয়ে ।