অসম

assam

ETV Bharat / state

চিৰাঙত প্ৰিজাইডিং-প'লিং বিষয়াৰ প্ৰশিক্ষণ - loksabha election

জিলা প্ৰশাসনে তৃতীয় পৰ্যায়ত চাৰিটা স্থানত অনুষ্ঠিত কৰিছে প্ৰশিক্ষণ

চিৰাঙত প্ৰিজাইডিং-প'লিং বিষয়াৰ প্ৰশিক্ষণ

By

Published : Mar 14, 2019, 11:17 PM IST

চিৰাং,14 মাৰ্চ:দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাৰ পাচত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৩১ নং চিদলী জনজাতি সংৰক্ষিত বিধানসভা সমষ্টিত নিৰ্বাচন পৰিচালনাৰ বাবে চিৰাং জিলা প্ৰশাসনে চলাইছে পূৰ্ণ প্ৰস্তুতি ৷ জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পাচত নিৰ্বাচনী নিৰ্দেশনা অনুসৰি আঁতৰাই পেলোৱা হৈছে চৰকাৰী প্ৰচাৰৰ হৰ্ডিং, বেনাৰ আদি ৷ জিলাখনৰ ৩১ নম্বৰ চিদলী বিধান সভা সমষ্টিৰ মুঠ ২৬৯ টা ভোট কেন্দ্ৰত ভোট গ্ৰহণৰ বাবে নিয়োগ কৰা প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলৰ প্ৰশিক্ষণ ইতিমধ্যে চলি আছে ৷

চিৰাঙত প্ৰিজাইডিং-প'লিং বিষয়াৰ প্ৰশিক্ষণ
উল্লেখ্য যে সমষ্টিটোৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষ, জিলা কেন্দ্ৰৰ সভাকক্ষ, কাজলগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষ আৰু ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এই চাৰিটা স্থানত প্ৰশিক্ষণ চলি আছে ৷ এইবাৰ ইভিএম মেচিনৰ লগত সংযুক্ত ভিভিপেট মেচিন ব্যৱহাৰৰ দিশতো প্ৰিজাইডিং আৰু প'লিং বিষয়া সকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ৷ চিৰাং জিলা প্ৰশাসনে চিদলী সমষ্টিৰ বাবে এতিয়ালৈকে তৃতীয় পৰ্যায়ত চাৰিটা স্থানত প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে ৷


ABOUT THE AUTHOR

...view details