চিৰাং, 3 জুলাইঃচিৰাং জিলাৰউপায়ুক্ত গৌতম তালুকদাৰৰ পত্নী আৰু জীয়ৰী কৰ’ণা পজিটিভ ৷ উপায়ুক্তগৰাকীৰ পত্নীৰ নাম হৈছে এন্টী দাস তালুকদাৰ আৰু জীয়ৰীৰ নাম হৈছে দিগংগনা কাশ্যপ ৷ দুয়োগৰাকীয়ে গুৱাহাটীৰ পৰা তিনিদিন পূৰ্বে চিৰাঙলৈ আহিছিল । কোভিড ৰোগৰ লক্ষণ দেখা দিয়াৰ পিচতো চিৰাঙত নিজৰ বাংলোত একেলগে ৰাখি নিয়মিত ভাৱে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে চলাই গৈছিল কাৰ্যালয়ত নিজৰ কাম কাজ ।
এই বাতৰি বিয়পাৰ লগে লগে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ মাজত এতিয়া সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ । চিৰাং জিলা সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আলাউদ্দিন আহমেলকো শুকুৰবাৰে কৰ’ণা ভাইৰাছত আক্ৰান্ত পোৱা যায় ৷ চিৰাং জিলাত শুকুৰবাৰৰ দিনটোচ মুঠ 12 জন লোকৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি ৷