চিৰাং, 20 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য উত্তাল হৈ থকাৰ বিপৰীতে চিৰাঙৰ আই নদীৰ পাৰত চলিছে দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি ৷ চিৰাঙত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আই নদীৰ পাৰত ৷ বাৰ দিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া এই দৈজিং উৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে দিনে নিশাই ৷ ডিচেম্বৰৰ 27ৰ পৰা 7 জানুৱাৰীলৈ চিৰাঙত অসম পৰ্যটন বিভাগৰ সহযোগত আৰু বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোত অনুষ্ঠিত হ'ব দৈজিং উৎসৱ । চিৰাং জিলা প্ৰশাসন আৰু বি টি চিৰ পৰ্যটন বিভাগৰ উদ্যোগত পূৰ্ণগতিত চলিছে দৈজিং উৎসৱৰ কাম ৷ মাজত মাথো ৬ দিন বাকী থকা অৱস্থাত এই পৰ্যন্ত 80 শতাংশ কামেই সম্পূৰ্ণ হৈ উঠিছে ৷
চিৰাঙত দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি - আই নদী
পূৰ্ণগতিত চলিছে দৈজিং উৎসৱৰ কাম ৷ ডিচেম্বৰৰ 27ৰ পৰা 7 জানুৱাৰীলৈ চিৰাঙত অসম পৰ্যটন বিভাগৰ সহযোগত আৰু বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোত অনুষ্ঠিত হ'ব দৈজিং উৎসৱ ।
চিৰাঙত দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি
লগতে চাওকঃ বাক্সাত পোৱা যায় এবিধ বিশেষ শিল.