অসম

assam

ETV Bharat / state

প্ৰসংগ ডি ভোটাৰঃ আতংকিত চিৰাঙৰ জনতা - ডিটেনচন কেম্প

ডি ভোটাৰৰ বাবে আতংকিত হৈ উঠিছে চিৰাঙবাসী, অঞ্চলটোৰ ক্ষিতিনাথ সিংহ নামৰ এজন বৰ্তমানেও আছে ডিটেনচন কেম্পত ৷ পিতৃৰ উপাধিৰ লগত নিমিলাৰ বাবেই 2016-10-03 তে কেম্পলৈ প্ৰেৰণ কৰা হৈছিল ক্ষিতিনাথ সিংহক ৷

ডি ভোটাৰৰ সন্ত্ৰাসত আতংকিত চিৰাঙবাসী

By

Published : Jun 16, 2019, 11:15 PM IST

চিৰাং,১৬জুন: ডি ভোটাৰৰ সন্ত্ৰাসত আতংকিত চিৰাঙৰ বহু এলেকা । নিজ মাটিতে প্ৰকৃত ভাৰতীয় এতিয়া অসহায় হৈ পৰিছে । সীমান্ত আৰক্ষীয়ে ডিটেনচন কেম্পলৈ পঠোৱাৰ ভয়ত দিন-ৰাতি কটাবলগীয়া হৈছে চিৰাংবাসী ।

উল্লেখ্য যে, সোনাউল্লাহ,মধুবালাৰ দৰে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 4নং দৈলংঝাৰৰ ক্ষিতিনাথ সিংহ নামৰ ভাৰতীয় ব্যক্তিজনৰ পিতৃৰ উপাধিৰ লগত বেমেজালি থকাৰ বাবে যাব লগীয়া হৈছিল ডিটেনচন কেম্পলৈ । দিন-হাজিৰা কৰি 2016-10-03- ইং তাৰিখে যাব লগীয়া হৈছিল ডিটেনচন কেম্পলৈ । তিনি বছৰতকৈ অধিক সময় ধৰি ডিটেনচন কেম্পত কটোৱা লোকজনক কেম্পৰ পৰা উলিয়াই অনাৰ বাবে নিজ ভেটি-মাটি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটি । সকলো বৈধ নথি থকাৰ পিছতো এতিয়া যমৰ যাতনা ভুগিব লগা হৈছে ক্ষিতিনাথ সিংহ আৰু তেওঁৰ পৰিয়ালে । অসহায় পত্নীৰ লগতে দুটাকৈ নাবালক পুত্ৰই এতিয়া দিক-বিদিক হেৰুবাই আশ্ৰয় লৈছে তেওঁলোকৰ সম্পৰ্কীয় এজনৰ ঘৰত । ইফালে, বহুদিন ধৰি অসুস্থ হৈ আছে ক্ষিতিনাথ সিংহৰ পত্নী নিজোবালা সিংহ । গাঁওবাসীৰ এতিয়া দাবী বিনা চৰ্তে মুকলি কৰি দিব লাগে ক্ষিতিনাথ সিংহক । এই ঘটনাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলটোৰ একাংশ লোক । ডিটেনচন কেম্পলৈ যোৱাৰ ভয়ত দিন-ৰাতি কটাবলগীয়া হৈছে গাঁওবাসী ।

ডি ভোটাৰৰ সন্ত্ৰাসত আতংকিত চিৰাঙবাসী

ABOUT THE AUTHOR

...view details