অসম

assam

ETV Bharat / state

চিৰাংঙত কংগ্ৰেছৰ নিৰ্বাচনী সভা - আব্দুল খালেক

চিৰাঙৰ বিজনীৰ মাজৰাবাৰীত কংগ্ৰেছৰ নিৰ্ব্বাচনী সভা অনুষ্ঠিত হয় ৷ এই সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ লগতে অসম চৰকাৰৰ বিৰোধি দলপতি দেৱব্ৰত শইকীয়াই অংশগ্ৰহণ কৰে ৷

Chirang Congress election meeting
চিৰাংঙত কংগ্ৰেছৰ নিৰ্ব্বাচনী সভা

By

Published : Nov 30, 2020, 9:11 PM IST

চিৰাং, 30 নৱেম্বৰ: আজি চিৰাঙৰ বিজনীৰ মাজৰাবাৰীত কংগ্ৰেছৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে অংশগ্ৰহণ কৰি কয় যে, এইবাৰ বিটিচিত পৰিৱৰ্তন হ'ব । কংগ্ৰেছক বাদ দি বিটিচিৰ পৰিষদ গঠন নহয় । বিটিচিত হৈ থকা দুৰ্নীতিৰ বাবে বিজেপি বা হিমন্তই এই ক্ষেত্ৰত দায়ী । কাৰণ বিটিচিত দুৰ্নীতি কৰাৰ সুবিধা বিজেপিয়ে দিছে।

চিৰাংঙত কংগ্ৰেছৰ নিৰ্ব্বাচনী সভা

সভাত উপস্থিত থকা অসম চৰকাৰৰ বিৰোধি দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, উজনি অসমত গৈ নাচ-গান কৰক মন্ত্ৰী হিমন্তই । বিটিচি নিৰ্বাচনৰ পূৰ্বে বিটিচিত চলি থকা দুৰ্নীতিৰ তদন্ত কৰাৰ বাবে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় বিৰোধী দলপতি গৰাকীয়ে ৷

চিৰাংঙত কংগ্ৰেছৰ নিৰ্ব্বাচনী সভা

চিৰাঙৰ বিজনীৰ ১৭নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অৰুণ নাৰ্জাৰীৰ সমৰ্থনত কংগ্ৰেছ দলে এই নিৰ্বাচনী সভাৰ আয়োজন কৰে।

অন্য এক খবৰৰ বাবে:শিৱসাগৰত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details