অসম

assam

ETV Bharat / state

বিজনীৰ কোৱাৰেন্টাইন চেন্টাৰত বিধায়ক আৰু দৰ্ণ্ডাধীশ - কমল সিং নাৰ্জাৰী

বিধায়ক কমল সিং নাৰ্জাৰীৰ লগতে বিজনী মহকুমা দণ্ডাধীশ বুবুল বৈশ্যই পৰিৰ্দশন কৰিলে কোৱাৰেন্টাইন চেন্টাৰ ৷

mla bijni kamal singh narjari
কোৱাৰেন্টাইন চেন্টাৰত বিধায়ক আৰু দৰ্ণ্ডাধীশ

By

Published : May 20, 2020, 10:20 PM IST

চিৰাঙ,20মেঃ চিৰাঙৰ বিজনীত বৃন্দাবনৰ পৰা উভতি অহা ৯ গৰাকী মহিলাক কোৱাৰেন্টাইন কৰি ৰখা বিজনীৰ আমগুৰীস্থিত কোৱাৰেন্টাইন চেন্টাৰ পৰিদৰ্শন কৰিলে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ লগতে বিজনী মহকুমা দণ্ডাধীশ বুবুল বৈশ্যই।
জিলা স্বাস্থ‍্য বিভাগৰ দ্বাৰা কোৱাৰেন্টাইনত থকা লোকক স্বাস্থ‍্যৰ পৰীক্ষা কৰাই ৷ তেওঁলোকৰ বাবে বিধায়ক কমলসিং নাৰ্জাৰীয়ে উক্ত অঞ্চলৰ যুৱ প্ৰজন্মৰ যুৱক সকলৰ দ্বাৰা তেওঁলোকৰ খাদ্য সামগ্ৰীৰ যোগান ধৰি আহিছে বুলি জানিবলৈ দিয়ে । বৃদ্ধা মহিলা কেইগৰাকীক ১৪ দিনৰ বাবে আমগুৰী স্থিত কোৱাৰেন্টাইন চেন্টাৰত ৰখা হ‘ব।

কোৱাৰেন্টাইন চেন্টাৰত বিধায়ক আৰু দৰ্ণ্ডাধীশ
উল্লেখযোগ্য যে বহি:ৰাজ‍্যৰ পৰা উভতি অহা সকলো লোককেই জিলাখনৰ বিভিন্ন ঠাইত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ১৪ দিনকৈ ৰখাৰ ব‍্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে স্বাস্থ‍্য বিভাগে । গতিকে জিলাখনৰ সৰ্বত্ৰে বহি :ৰাজ‍্যৰ পৰা অহা সকলো লোকক যাতে এইদৰেই কোৱাৰেন্টাইন ৰখাৰ ব‍্যৱস্থা কৰা হয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ জনসাধাৰণক আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷লগতে পঢ়কঃ আম্ফান: পশ্চিম বংগত প্ৰচণ্ড বৃষ্টিপাতৰ জোৱাৰ

ABOUT THE AUTHOR

...view details