অসম

assam

ETV Bharat / state

বিটিআৰ চুক্তি সংশোধন নহ’লে বড়ো-অবড়োৰ সংঘাত হ’ব : হাগ্ৰামা

বিটিআৰ চুক্তিৰ দফা সমূহ যদি সংশোধন কৰা নহয় তেন্তে বড়ো-অবড়ো সংঘাত হোৱাটো নিশ্চিত । সেয়ে ইয়াৰ সংশোধনৰ প্ৰয়োজন আছে বুলি উল্লেখ হাগ্ৰামাৰ । বিটিচিৰ পৰা এখনো গাঁও কৰ্তন নহয়। সকলো দলে বিটিচি দখলৰ কথা ক'লেও একো নাই বিপিএফ দলে একক সংখ‍্যা গৰিষ্ঠতাৰে পৰিষদ গঠন কৰিব বুলি দৃঢ়তা প্ৰকাশ বিপিএফৰ মুৰব্বী গৰাকীৰ ৷

Chirang BPF election meeting
চিৰাঙত বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ সমৰ্থনত নিৰ্বাচনী সভা

By

Published : Oct 31, 2020, 9:58 PM IST

Updated : Oct 31, 2020, 10:18 PM IST

চিৰাঙ,31অক্টোবৰঃশনিবাৰে চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্ঠিৰ অন্তৰ্গত ৰুণিখাতা থাইকাঝোৰাত বিপিএফ দলৰ এক বৃহৎ জনসভা অনুষ্ঠিত হয় ৷ বিটিচিৰ প্ৰাক্তন উপ-মুখ‍্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ সমৰ্থনত এই সভা অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে ।

হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত অঞ্জলি দৈমাৰীয়ো উপস্থিত থকা দেখা যায়। হাগ্ৰামা মহিলাৰীয়ে সভাত উপস্থিত হৈ কয় যে,খাম্পা বৰগয়াৰীয়ে বিপুল ভোটত জয়ী হৈ আকৌ উপ-মুখ‍্য কাৰ্যবাহী হ’ব । বিটিআৰ চুক্তিৰ দফা সমূহ যদি সংশোধন কৰা নহয় তেন্তে বড়ো-অবড়ো সংঘাত হোৱাটো নিশ্চিত । সেয়ে মই কৈছো সংশোধনৰ প্ৰয়োজন আছে । বিটিচিৰ পৰা এখনো গাঁও কৰ্তন নহয় । সকলো দলে বিটিচি দখলৰ কথা ক'লেও একো নাই বিপিএফ দলে একক সংখ‍্যা গৰিষ্ঠতাৰে পৰিষদ গঠন কৰিব । আমি এতিয়াহে প্ৰচাৰ আৰম্ভ কৰিছো জন সমাগম আৰু অধিক হ’ব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ।

হাগ্ৰামা মহিলাৰীৰ মন্তব্য

ইপিনে অনুষ্ঠানত উপস্থিত থাকি বড়ো অ’মেন জাষ্টিচ ফ’ৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীয়ে কয় যে,আমি সময় মতেই নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচাৰিছিলো । এতিয়া ডিচেম্বৰত নিৰ্বাচন হোৱাৰ কথা শুনি ভোটাৰৰ মাজত উৎসাহ বৃদ্ধি পাইছে। সেয়ে হিল-দল ভাঙি আহি বিপিএফৰ সভাত হেজাৰ হেজাৰ মানুহ গোট খাইছে । তেওঁ লগতে কয় যে,এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নে’ব্লাক বিটিআৰ শান্তিচুক্তিকাৰী সকলে ইউজ এণ্ড থ্ৰো কৰিলে। হয়তো তেওঁক নহ’লে শান্তি চুক্তি নহয় বাবেই উলিয়াই আনি চুক্তি স্বাক্ষৰ কৰাৰ পিচতে আকৌ জেলত সুমুৱালে। নিয়ম অনুসৰি সকলো গোচৰ ওঠাই আনিহে শান্তি চুক্তি কৰিব লাগিছিল। যিটো নকৰিলে বাবেই আজি তেওঁ জেলত থাকিব লগীয়া হ’ল। এয়া অতিকে দুৰ্ভাগ‍্যজনক। কাৰ ষড়যন্ত্ৰত তেওঁ এতিয়াও জেলত সেয়া লাহে লাহে সকলো স্পষ্ট হৈ আহিছে বুলিও কয় অঞ্জলি দৈমাৰীয়ে।

অঞ্জলি দৈমাৰীৰ মন্তব্য
আনহাতে ক’ভিডৰ বাবে স্থগিত ৰখা বিটিচি পৰিষদীয় নিৰ্বাচন অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অনুষ্টিত হ’ব । সেয়ে সকলো ক’ভিড প্ৰটক’লৰ নীতি- নিৰ্দেশনা অমান‍্য কৰি হেজাৰ হেজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হৈ আছে বিটিচিৰ বিভিন্ন ৰাজনৈতিক দলৰ সভা। যেন ক’ভিডৰ কোনো অস্তিত নাই বিটিচিত। তাৰমাজতে শনিবাৰেও ক’ভিডৰ বাবে চিৰাং জিলাৰ এখন ব‍্যাক্তিগত খণ্ডৰ চিকিৎসালয়ত কন্টেইনমেন্ট জ’ন ঘোষণা কৰা পৰিলক্ষিত হৈছে জিলা প্ৰশাসনে ।

লগতে পঢ়কঃ বিশ্বনাথৰ বন বিভাগৰ জালত কুখ্যাত গড় চিকাৰী

Last Updated : Oct 31, 2020, 10:18 PM IST

ABOUT THE AUTHOR

...view details