অসম

assam

ETV Bharat / state

চিৰাঙত বড়ো সাহিত্য সভাৰ উদ্যোগত শ্বহীদ দিৱস পালন - বড়ো সাহিত্য সভাৰ শ্বহীদ দিৱস বাতৰি

১৯৭৪ চনৰ আজিৰ এই দিনটোতে অৰ্থাৎ ২৮ ছেপ্টেম্বৰত বড়ো সাহিত্য সভাৰ ৰোমান লিপিৰ আন্দোলনত প্ৰথমবাৰৰ বাবে বৰপেটাত আৰক্ষীৰ গুলীত দুগৰাকীকৈ বড়ো জনগোষ্ঠীয় লোকৰ মৃত্যু হৈছিল । পৰবৰ্তী সময়ত অসমৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ এই ৰোমান লিপিৰ আন্দোলনত জপিয়াই পৰি আৰক্ষীৰ গুলীত আৰু ১৪ জনকৈ বড়ো জনগোষ্ঠীয় লোকে নিজৰ জীৱন বলিদান দিছিল নিজৰ ভাষাৰ লিপি আন্দোলনত । ইয়াৰ পিচতে ১৯৭৫ চনৰ পৰা বড়ো সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে ২৮ ছেপ্টেম্বৰৰ দিনটো ছহিদ দিৱস হিচাপে পালন কৰি আহিছে ।

chirang-bodo-sahitya-sabha-martyrs-day
চিৰাঙত বড়ো সাহিত্য সভাৰ উদ্যোগত ছহিদ দিৱস পালন

By

Published : Sep 29, 2021, 10:38 AM IST

চিৰাং, 29 ছেপ্টেম্বৰ :চিৰাঙৰ বাসুগাঁও কলেজত মঙলবাৰে বড়ো সাহিত্য সভাৰ ৪৭ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয় । বড়ো সাহিত্য সভাৰ বাসুগাঁও শাখা আৰু চিৰাং জিলা বড়ো সাহিত্য সভাৰ যৌথ উদ্যোগত বাসুগাঁও মহাবিদ্যালয়ত ৪৭ সংখ্যক শ্বহীদ দিৱস দিনযোৰা কাৰ্যসূচিৰে পালন কৰা হয় । পুৱা ৯ বজাত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি তৰেণ বড়োৱে । তাৰ পিছত শ্বহীদ বেদীত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় ।

চিৰাঙত বড়ো সাহিত্য সভাৰ উদ্যোগত ছহিদ দিৱস পালন

অনুষ্ঠানৰ লগত সংগতি ৰাখি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক "যোগেন্দ্ৰ কুমাৰ বসুমতাৰী ন্যাসৰ" তৰফৰ পৰা বড়ো মাধ্যমত অধ্যয়ন কৰি সুখ্যাতিৰে এ চি এছ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰশাসনিক বিষয়া চৰণ নাৰ্জাৰীক "যোগেন্দ্ৰ কুমাৰ বসুমতাৰী স্মাৰক বঁটা" প্ৰদান কৰা হয় । এই বঁটাত নগদ পঞ্চাশ হেজাৰ টকা আৰু এখন মানপত্ৰ প্ৰদান কৰে বড়ো সাহিত্য সভাই ।

এই সন্দৰ্ভত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সংবাদ মাধ্যমক কয় যে, বড়ো ভাষা-সংস্কৃতিৰ আজীৱন সাধক যোগেন্দ্ৰ বসুমতাৰীৰ স্মৃতিত আমি শ্বহীদ দিৱস উদযাপনৰ লগতে তেখেতৰ নামত প্ৰথমবাৰৰ বাবে বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছো । এই বঁটাৰ মূল উদ্দেশ্য হৈছে বড়ো মাধ্যমত পঢ়া শুনা কৰা ছাত্ৰ-ছাত্ৰীক উদগনি তথা প্ৰেৰণা দিয়া ।

চিৰাঙত বড়ো সাহিত্য সভাৰ উদ্যোগত ছহিদ দিৱস পালন

অৱশ্যে কেৱল বড়ো মাধ্যমত পঢ়া-শুনা কৰি প্ৰশাসনিক বিষয়া হোৱা লোককহে প্ৰদান কৰা হ’ব এই বঁটা । সেয়ে কচুগাঁওৰ যুৱক চৰণ নাৰ্জাৰীয়ে বড়ো মাধ্যমত পঢ়া-শুনা কৰি প্ৰশাসনিক বিষয়া হোৱাত তেওঁক এই বঁটা প্ৰদান কৰা হয় বুলি জনায় বড়ো সাহিত্য সভাৰ সভাপতিগৰাকীয়ে । তেওঁ লগতে নতুন শিক্ষা নীতি অনুসৰি বহু বড়ো মাধ্যমৰ বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম হোৱাত উদ্বেগ প্ৰকাশ কৰি বি টি আৰ প্ৰশাসন আৰু অসম চৰকাৰক এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি বড়ো মাধ্যমৰ বিদ্যালয়সমূহ ৰক্ষা কৰাৰ দাবী জনায় ।

লগতে পঢ়ক :নিশ্চিত নেকি উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ সহজ জয় ?

তেওঁ লগতে এই সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰ আৰু বি টি আৰ প্ৰশাসনৰ সৈতে স্মাৰক প্ৰদানৰ লগতে আলোচনাতো মিলিত হোৱা বুলি জনায় । ইপিনে বড়ো সাহিত্য সভাৰ এই অনুষ্ঠানত উপস্থিত থাকি বি টি আৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে এই শ্বহীদ দিৱস কেৱল বড়ো সাহিত্য সভাৰ নহয় সমগ্ৰ বড়ো জাতিৰ আৰু সেয়ে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে ।

চিৰাঙত বড়ো সাহিত্য সভাৰ উদ্যোগত ছহিদ দিৱস পালন

ৰঞ্জিত বসুমতাৰীয়ে লগতে উপ নিৰ্বাচনৰ বাবে ইউ পি পি এল দল প্ৰস্তুত হৈ থকাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ দলীয়ভাৱে ভিতৰুৱাকৈ প্ৰাৰ্থী বাচনি সম্পূৰ্ণ হোৱা বুলিও জনায় আৰু সময় অহাৰ লগে লগেই প্ৰাৰ্থীৰ নাম প্ৰকাশ পাব । বহু লোকেই প্ৰাৰ্থীত্ব প্ৰত্যাশী যদিও দলীয় হাইকমাণ্ডে লোৱা সিদ্ধান্ত সকলোৱে অনায়াসে মানি ল’ব বুলিও জনায় বি টি আৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ।

বি টি আৰৰ গোঁসাইগাঁও আৰু তামোলপুৰ দুয়োটা সমষ্টিত ইউ পি পি এলৰ হাতত আছে আৰু বি টি আৰৰ সীমাত কিছু অংশ সোমাই যোৱা ভৱানীপুৰ সমষ্টি বিজেপিক দিয়া বুলিও জনায় ৰঞ্জিত বসুমতাৰীয়ে ।

আনহাতে, বিজেপি নেতা ইমানুৱেল মুছাহাৰীৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত তেওঁ কয় যে, ভাৰত গণতান্ত্ৰিক দেশ হোৱাত সকলোৰে মন্তব্য প্ৰকাশৰ অধিকাৰ আছে । ইমানুৱেল মুছাহাৰী ভাৰসাম্যহীন নেতা বুলি উল্লেখ কৰি তেওঁ পাখী নোহোৱা হাঁহৰ দৰে বুলিও কয় বসুমতাৰীয়ে । তেওঁ লগতে ইমানুৱেল মুছাহাৰী ৰাজনৈতিক নিয়মানুৱৰ্তিতা নজনা মানুহ বুলি মন্তব্য কৰি তামোলপুৰৰ জনতাই মুছাহাৰীক স্বীকাৰ কৰিব বুলি বিশ্বাস নহয় বুলি উল্লেখ কৰে ।

ইয়াৰ উপৰিও হাগ্ৰামা মহিলাৰী সন্দৰ্ভত তেওঁ কয় যে, বিজেপি বা ইউ পি পি এলৰ সৈতে হাগ্ৰামাৰ কোনো ধৰণৰ বুজাপৰা হোৱা নাই । হাগ্ৰামাক গ্ৰহণ কৰা মানে ভয়ংকৰ জুইত জাপ দি মৰাৰ দৰে বুলিও কয় বসুমতাৰীয়ে । তেওঁ লগতে হাগ্ৰামাই নিজক বচাবলৈ কাৰোবাৰ নাম লৈ আকৌ ৰাজনীতিত সোমাব বিচাৰি আছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।

ৰঞ্জিত বসুমতাৰীয়ে লগতে কয়, হাগ্ৰামাক আমি স্বাগতম জনাম কিন্ত তেওঁৰ পৰা সমৰ্থন বিচৰাৰ প্ৰশ্ন নাহে । তেওঁ লগতে কয় যে, বৰ্তমান সময়ত হাগ্ৰামা মহিলাৰীৰ ৰাজনৈনিক জীৱনত দাৰি(৷) পৰিছে আৰু তাত কোনো কমা উৰ্ধকমাৰ স্থান নাই । হাগ্ৰামাই শিয়ালৰ ভয় দেখুৱাই বি টি আৰবাসীৰ মাজত দীৰ্ঘদিন ধৰি ৰাজনীতি কৰিছিল ৷ কিন্ত এতিয়া ৰাইজে বুজি উঠিছে যে শিয়ালে মানুহক ধ্বংশ কৰিব নোৱাৰে সেয়ে বি টি আৰবাসীৰ মনৰ পৰা হাগ্ৰামাৰ শিয়ালৰ ভয় আঁতৰিছে বুলি কয় ৰঞ্জিত বসুমতাৰীয়ে ।

বড়ো সাহিত্য সভাৰ এই ছহিদ দিৱসৰ কাৰ্যসূচিত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁ অনুষ্ঠানত উপস্থিত হ’ব নোৱাৰিলে ।

লগতে পঢ়ক :শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details