অসম

assam

ETV Bharat / state

চিৰাঙৰ কাজলগাঁৱত 'অসম দৰ্শন' আঁচনিৰ অধীনত অনুদানৰ চেক বিতৰণ - অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী

মঙলবাৰে চিৰাঙৰ কাজলগাঁৱত 'অসম দৰ্শন' আঁচনিৰ অধীনত অনুদানৰ চেক বিতৰণ কৰা হয় । এই অনুদান আগবঢ়োৱা হয় জিলাখনৰ মুঠ ১৯১ টা নামঘৰ আৰু বাথৌ মন্দিৰলৈ ।

চিৰাঙৰ কাজলগাঁৱত 'অসম দৰ্শন' আঁচনিৰ অধীনত অনুদানৰ চেক বিতৰণ
চিৰাঙৰ কাজলগাঁৱত 'অসম দৰ্শন' আঁচনিৰ অধীনত অনুদানৰ চেক বিতৰণ

By

Published : Feb 2, 2021, 8:18 PM IST

চিৰাং, ২ ফেব্ৰুৱাৰী: 'অসম দৰ্শন' আঁচনিৰ অধীনত মঙলবাৰে চিৰাঙৰ নামঘৰ আৰু বাথৌ মন্দিৰলৈ অনুদান আগবঢ়োৱা হয় । কাজলগাঁৱৰ ৰবৰ ব'ৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত অনুদানৰ চেকসমূহ বিতৰণ কৰে বিটিচিৰ কাৰ্য‍বাহী সদস‍্য ক্ৰমে ৰঞ্জিত বসুমতাৰী আৰু গৌতম দাসে ।

চিৰাঙৰ কাজলগাঁৱত 'অসম দৰ্শন' আঁচনিৰ অধীনত অনুদানৰ চেক বিতৰণ

জিলাখনৰ মুঠ ১৯১ টা নামঘৰ আৰু বাথৌ মন্দিৰলৈ চৰকাৰে অনুদান আগবঢ়াইছে যদিও মঙলবাৰে আনুষ্ঠানিকভাৱে দহটা নামঘৰ আৰু দহটা বাথৌ মন্দিৰলৈ অনুদান আগবঢ়োৱা হয় ।

চিৰাঙৰ কাজলগাঁৱত 'অসম দৰ্শন' আঁচনিৰ অধীনত অনুদানৰ চেক বিতৰণ

ৰাজ্য চৰকাৰে প্ৰতিটো নামঘৰ আৰু বাথৌ মন্দিৰলৈ মুঠ আঢ়ৈ লাখ টকাৰ অনুদান আগবঢ়ায় । চিৰাঙৰ উপায়ুক্ত গৌতম তালুকদাৰে জনোৱা মতে, জিলাখনৰ ১৯১ টা নামঘৰ আৰু বাথৌ মন্দিৰলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে ৪ কোটি ৭৭ লাখ টকাৰ অনুদান আগবঢ়াইছে ।

চিৰাঙৰ কাজলগাঁৱত 'অসম দৰ্শন' আঁচনিৰ অধীনত অনুদানৰ চেক বিতৰণ

চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে পৰিচানলা কৰা এই সভাখনত বিশিষ্ট অতিথিৰূপে বিটিচিৰ পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন, মাধৱ চন্দ্ৰ ছেত্ৰী, জিলা তথ্য আৰু জনসংযোগ বিষয়া গণন চন্দ্ৰ নাৰ্জাৰীসহ বিভিন্ন নামঘৰ আৰু বাথৌ মন্দিৰৰ কৰ্মকৰ্তা উপস্থিত থাকে ।


লগতে পঢ়ক:মুখ্যমন্ত্ৰীক সকিয়নী ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details